/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bharanti-medhi.jpg)
ডিজিটেল সংবাদ,বান্দৰদেৱা : তাঁতশাল আৰু নিৰ্বাচন।দেখাত একো সম্পৰ্ক নাথাকিলেও নিৰ্বাচনত যেন তাঁতশালৰো গুৰুত্ব বাঢ়ে।চ'ত মাহ।গতিকে তাতশালত বিহুৱান বোৱাত ব্যস্ত শিপিনী। সেয়ে তাঁতশালতো চলিছে প্ৰাৰ্থীৰ প্ৰচাৰ।লগতে চলিছে বিহুগীত আৰু প্ৰাৰ্থীৰ বিহুনাচ।বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এনে প্ৰচাৰে জনপ্ৰিয়তা লাভ কৰিছে সমষ্টিটোত।
তাঁতশালত মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধি।বিহুগীত জুৰিছে উদীয়মান গায়ক গৌৰাংগ।বিহুগীতৰ তালে তালে গৃহস্থৰ লগতে এপাক কঁকাল ঘুৰালে ওচৰ চুবুৰীয়াও।পিছে তাৰ মাজতো ৰাইজৰ দল বিজেপিৰ বি টীম বুলি চলা অপপ্ৰচাৰক লৈ উদ্বিগ্ন অনুপ শইকীয়া।সেয়া অপপ্ৰচাৰকাৰীৰ লগতে বিজেপিলৈ তীব্ৰ সকিয়নী অনুপ শইকীয়াৰ।