বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিনেতা যতীন বৰাৰ…

বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিনেতা যতীন বৰাৰ…

author-image
asomiyapratidin
New Update
বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিনেতা যতীন বৰাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : ৰাজ্যত প্ৰথম পৰ্য্যায়ত অনুস্থিত হ'ব লগা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শুক্ৰবাৰে ১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেতা তথা ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰাই ।

Advertisment

শতাধিক দলীয় সমৰ্থকক লগত লে সমষ্টিটোৰ বৰবালি,পথালিপাহাৰ আৰু নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাত গাঁৱে-ভুঁঞে নিৰ্বাচনী প্ৰচাৰ চলাই অভিনেতা গৰাকীয়ে । পদুমৰ পাঁহি পাঁহি ভোট দিবা হাঁহি হাঁহি,ভোট দিবা কেনেকৈ পদুম ফুলত চাপ মাৰি শীৰ্ষক এফাঁকি কবিতা আবৃত্তি কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ লগতে বিজেপি প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাই জনপ্ৰিয় অভিনেতা গৰাকীয়ে ।

আনহাতে আপোন অভিনেতা গৰাকীক ওচৰতে পাই আপোন পাহৰা হৈ পৰে সমৰ্থক সকল । নিৰ্বাচনী প্ৰচাৰ অভিযান কালত অভিনেতা গৰাকীক সংগ দিয়ে বৰবালি গাঁও পঞ্চায়তৰ সভাপতি ভাস্কৰ ভূঞা,আঞ্চলিক সদস্যা নিৰ্মালী ভূঞা,যুৱ নেতা ৰাহুল বৰাকে ধৰি কেইবাজনো স্থানীয় নেতাই ।।