কলাইগাঁওৰ গুলী চালনাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা দৰঙৰ জিলা দণ্ডাধীশৰ…

কলাইগাঁওৰ গুলী চালনাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা দৰঙৰ জিলা দণ্ডাধীশৰ…

author-image
asomiyapratidin
New Update
লাহৰিঘাটৰ ভোটকেন্দ্ৰত শাৰী পতাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ,মঙলদৈ : যোৱা পহিলা এপ্ৰিলত কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজা পুখুৰী প্ৰাথমিক বিদ্যালয় চৌহদত ভোটগ্ৰহণৰ দিনাখন হোৱা গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে দৰঙৰ জিলা দণ্ডাধীশ দিলীপ কুমাৰ বৰাই ।

Advertisment

সেই অনুসৰি অতিৰিক্ত জিলা দণ্ডাধীশ পংকজ কুমাৰ ডেকাৰ দ্বাৰা হব লগীয়া উক্ত ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৭ দিনৰ ভিতৰত জমা দিব লাগিব ‌বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা এক নিৰ্দেশনা যোগে জনোৱা হৈছে ।

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে উক্ত বিদ্যালয়‌ চৌহদত উদ্ভৱ হোৱা এক হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে আৰক্ষীৰ গুলীত ২ জন অসামৰিক লোক গুলীবিদ্ধ হৈছিল । লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা কেইবাগৰাকীও নিৰাপত্তাৰক্ষী আহত হৈছিল ।