/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/rahul-2.jpg)
ডিজিটেল সংবাদ,হাফলং/বোকাজান : বেয়া বতৰৰ বাবে গুৱাহাটীত উপস্থিত হৈও মঙলবাৰে শিলচৰ,হাফলং আৰু বোকাজানৰ তিনিখনকৈ সভাত অংশ ল'ব নোৱাৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।পুৱা শিলচৰৰ সভা খন বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও হাফলং,বোকাজানৰ সভা বাতিল কৰা হোৱা নাছিল । সেয়ে দুয়োখন ঠাইতে সমাবেশিত হয় হাজাৰ হাজাৰ লোক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/WhatsApp-Image-2021-03-30-at-8.11.10-PM-1024x768.jpeg)
হাফলং চহৰৰ সভাস্থলীত ১০ সহস্ৰাধিক লোক সমাবেশিত হৈ দীৰ্ঘ সময় অপেক্ষা কৰে কংগ্ৰেছী যুৱৰাজ গৰাকীলৈ । কিন্তু গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা খবৰৰ ভিত্তিত অবশেষত ৰাহুল গান্ধী অবিহনে হাফলং সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী নিৰ্মল লাংঠাছা, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিত হাফলংবাৰ প্ৰমূখ্যে বিভিন্ন কংগ্ৰেছ নেতাই ভাষণ দিয়ে ।
আনহাতে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱা সভা স্থলীত সেইদিনা ৩ হাজাৰ মাত্ৰ বিজেপি সমৰ্থক সমাবেশিত হোৱাৰ বিপৰীতে মঙলবাৰৰ ৰাহুল গান্ধীৰ আগমনৰ উদ্দেশ্য আয়োজিত সভাত দহ সহস্ৰাধিক লোকৰ উপস্থিতিয়ে বিজেপিৰ দখলত থকা সমষ্টিটোত কংগ্ৰেছী বতাহ যে তীব্ৰ গতিত বলিছে সেই কথাই স্পষ্ট কৰি দিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/WhatsApp-Image-2021-03-30-at-8.41.30-PM-1024x1024.jpeg)
একেদৰে কাৰ্বিআলং জিলাৰ বোকাজান সমষ্টিত আয়োজিত কংগ্ৰেছৰ সভা খনতো ৭ সহস্ৰাধিক লোক সমবেত হয় । সভাৰ মুখ্য অতিথি ৰাহুল গান্ধীৰ অনুপস্থিতেই অনুষ্ঠিত সভা খনত অতি শেহতীয়াকৈ বিজেপি দল ত্যাগ কৰা প্ৰভাবশালী নেতা চুম ৰংহাং আৰু বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি সহ বিভিন্ন নেতাই ভাষন দিয়ে ।
দুয়োখন সভাত বৃহৎ সংখ্যক লোকৰ সমাবেশ হাফলংত বিৰভদ্ৰ হাকজেৰ আৰু বোকাজানৰ বিজেপি প্ৰাৰ্থী নোমল মমিনৰ বাবে অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনক লে যে মূৰৰ কামোৰনিৰ সৃষ্টি কৰিব সেই কথাও স্পষ্ট কৰি দিছে ।