বৰহোলা-মাধপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন,প্ৰচাৰ অভিযান তুংগত…

বৰহোলা-মাধপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন,প্ৰচাৰ অভিযান তুংগত…

author-image
asomiyapratidin
New Update
বৰহোলা-মাধপুৰত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন,প্ৰচাৰ অভিযান তুংগত…

ডিজিটেল সংবাদ বেকাজান : নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে তিতাবৰ সমষ্টিত কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে । শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ বৰুৱাই বৰহোলা মণ্ডল আৰু মাধপুৰ মণ্ডলত দুটাকৈ কাৰ্যালয় উদ্বোধন কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ।

Advertisment

বেকাজান ৰাইডাংজুৰি ইকৰানি পঞ্চায়তক সামৰি তিনি শতাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতি বৰহোলাত কাৰ্যালয় উদ্বোধন কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ বৰুৱাই কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নীতি আদৰ্শৰ আৰু কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰে তিতাবৰ ৰাইজৰ সেৱাৰ বাবে তেওঁ প্ৰাৰ্থীত্ব আগবঢ়াইছে। যদি জয়ী হয় তেনেহলে তিতাবৰ সমষ্টিৰ মৌলিক সমস্যাৰ সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰিব আৰু তৰুণ গগৈৰ আধাৰুৱা কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে ।

তেওঁ কয় যে বিধায়ক নিৰ্বাচিত নহলেও বৰহোলা ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে ব্যক্তিগত খৰচত বৰহোলা তিতাবৰ সংযোগী ন আলি পথটো নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে । কিয়নো বিগত এবছৰ ধৰি বৰহোলা ন আলি পথটো ভাঙি একেবাৰে বিধবস্ত হৈ পৰিছে । ইয়াৰ পিছত তেওঁ মাধপুৰত সহস্ৰাধিক ৰাইজৰ উপস্থিতত দলৰ অন্য এটা প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি আনুষ্ঠানিক প্ৰচাৰ চলায় ।

উল্লেখযোগ্য যে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত তিতাবৰ সমষ্টিত তৰুণ গগৈৰ বিয়োগৰ পিছত নেতৃত্বত শূন্য হৈ পৰিছিল যদিও সাংসদ গৌৰৱ গগৈৰ তৎপৰতা বিশিষ্ট চাহ খেতিয়ক ভাস্কৰ বৰুৱাক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত সম্প্ৰতি কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । ইফালে বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতায়ো নিজৰ সমৰ্থকক লগত লৈ কালি বৰহোলাত প্ৰচাৰ আৰম্ভ কৰিছে।

নিজৰ প্ৰচাৰ অভিযানত হেমন্ত কলিতাই কয় যে তেওঁ কেৱল ৰাজনীতি কৰিবলৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা নাই।তেওঁ মূল্যবোধৰ ৰাজনীতিৰে আত্মনিৰ্ভশীল তিতাবৰত গঢ়িব বিচাৰে । সমষ্টিটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম বিকাশত গুৰুত্ব দিব বুলি ঘোষণা কৰে । হেমন্ত কলিতাই আৰু কয় বিগত ১৫ টা বছৰত বৰহোলাত চাকৰিৰ দিয়াৰ নামত দালাল সৃষ্টি হল । যি নিবনুৱা যুৱক যুৱতীসকলৰ চাকৰি দিয়াৰ নামত লুণ্ঠন চলালে ।

কিন্তু এইবাৰ যদি তেওঁ বিধায়ক নিৰ্বাচিত হয় তেতিয়া বৰহোলাত চাকৰি দালালি নাইকীয়া কৰিব । তদুপৰি তেওঁ বৰহোলাত উন্নয়ন খণ্ড স্থাপন আৰু গ্ৰেটাৰ খোৱা পানীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । উল্লেখযোগ্য যে এইবাৰ তিতাবৰ সমষ্টিৰ পৰা কংগ্ৰেছ ,বিজেপি ৰাইজৰ দল আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়ালেও মূল যঁজখন কংগ্ৰেছৰ ভাস্কৰ বৰুৱা আৰু বিজেপিৰ হেমন্ত কলিকতাৰ মাজত হব ।