প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী…

প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী…

author-image
asomiyapratidin
New Update
প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী…

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাই টিকট লাভ কৰা পাছত আজি পিতৃ তথা প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰন বৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰে। বটদ্রৱা সমষ্টিত বিধায়িকা আঙুৰলতা ডেকাৰ বিৰোদ্ধে কংগ্ৰেছৰ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি প্ৰবল আত্মবিশ্বাসী হৈ বিপুল ভোটত জয়ী হম বুলি মন্তব্য কৰে।

Advertisment

উল্লেখ্য যে, কংগ্ৰেছ দলৰ টিকট লাভ কৰা পাছত শিবামনি বৰাক বটদ্ৰৱা সমষ্টিৰ বাৰপূজীয়াৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলজুৰি হেজাৰ হেজাৰ সমৰ্থকে আদৰণি জনোৱা পৰিলক্ষিত হয়। হেজাৰ হেজাৰ দলীয় সমৰ্থকক লগত লৈ সমগ্ৰ বটদ্ৰৱা সমষ্টিত ৰেলী কৰাৰ পাছত বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা লয়।