প্ৰতিশ্ৰুতি পালন কৰিলে এখন নহয় হাজাৰ খন গামোছাৰে মোডীক আদৰিলোহেতেন : ভূপেন বৰা

প্ৰতিশ্ৰুতি পালন কৰিলে এখন নহয় হাজাৰ খন গামোছাৰে মোডীক আদৰিলোহেতেন : ভূপেন বৰা

author-image
asomiyapratidin
New Update
প্ৰতিশ্ৰুতি পালন কৰিলে এখন নহয় হাজাৰ খন গামোছাৰে মোডীক আদৰিলোহেতেন : ভূপেন বৰা

ডিজিটেল সংবাদ,বান্দৰদেৱা : নাৰায়ণপুৰলৈ নৰেন্দ্ৰ মোডী অহাৰ প্ৰাকক্ষণত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।" এখন নহয় হাজাৰ খন গামোছা পিন্ধাই ঢোলে দগৰে মোডীক আদৰণি জনালোহেঁতেন যদিহে বিগত নিৰ্বাচনৰ পূৰ্বে বিহপুৰীয়ালৈ আহি ৰাইজক দি যোৱা প্ৰতিশ্ৰুতি পালন কৰিলেহেঁতেন।" বিগত নিৰ্বাচনত দেবানন্দ হাজৰিকাৰ হৈ বিহপুৰীয়াৰ ৰাইজক গেৰান্টি দিয়া মোডীয়ে পাঁচটা বছৰৰ পিছতে আকৌ নতুন এজন প্ৰাৰ্থীৰ হৈ গেৰান্টি দিবলৈ অহা কাৰ্যক বাৰে বাৰে ৰাইজক টেঙা আম বেচিব নোৱাৰিব বুলি ভূপেন বৰাই ব্যক্ত কৰিছে।

Advertisment

কোটি কোটি টকা খৰছ কৰি গুৱাহাটীৰ পৰা বাছ আৰু তেজপুৰ জোনাই বিশ্বনাথৰ পৰা ৰেলত মানুহ আনি কি সূচাব বিছাৰিছে সেয়া সহজেই অনুমেয় বুলি ব্যক্ত কৰে বৰাই ।ছমাহত মাধৱদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দি যোৱা মোডীয়ে এইবাৰ কলাক্ষেত্ৰ মুকলি কৰিবলৈ আহিছে নেকি বুলিও ভূপেন বৰাই প্ৰশ্ন কৰে।