বিজেপিত যোগদান কৰা বিপিএফৰ ৰংজা খুংগুৰ নিৰ্বাচন আয়োগৰ উপৰ্যুপৰি জেৰাৰ সন্মুখীন…

বিজেপিত যোগদান কৰা বিপিএফৰ ৰংজা খুংগুৰ নিৰ্বাচন আয়োগৰ উপৰ্যুপৰি জেৰাৰ সন্মুখীন…

author-image
asomiyapratidin
New Update
বিজেপিত যোগদান কৰা বিপিএফৰ ৰংজা খুংগুৰ নিৰ্বাচন আয়োগৰ উপৰ্যুপৰি জেৰাৰ সন্মুখীন…

ডিজিটেল সংবাদ, বাক্সা : দেশত সংঘটিত হৈছে এক নজিৰ বিহীন ঘটনা। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এগৰাকী দলীয় প্ৰাৰ্থীয়ে আন দলত যোগদান কৰাত স্বাভাবিকতে চাঞ্চল্যৰ সৃষ্টি হয় দেশৰ নিৰ্বাচন আয়োগত। এই ঘটনা সংঘটিত হয় বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত।

Advertisment

দেশৰ নিৰ্বাচন আয়োগত খলকনিৰ সৃষ্টি কৰা ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আছিল ৰামদাস বসুমতাৰী ওৰফে ৰংজা খুংগুৰ বসুমতাৰী। ৬ এপ্ৰিলত অনুষ্ঠিতব্য নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিজ দল ত্যাগ কৰাৰ পিছতে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হয় বিপিএফ।

ইয়াৰ পিছতে নিৰ্বাচনী আয়োগে শনিবাৰে দিনৰ ১২-৩০ বজাৰ ভিতৰত নিৰ্বাচন আয়োগৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। সেইমতে শনিবাৰে বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচন আয়োগৰ প্ৰশ্নৰ সন্মুখীন হয় সদ্য বিপিএফ ত্যাগী প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে। বাক্সা জিলা উপায়ুক্ত কাৰ্যালয়ত ভিডিঅ কনফাৰেঞ্চ যোগে নিৰ্বাচনী আয়োগৰ উপৰ্যুপৰি প্ৰশ্নৰ সন্মুখীন হয় ৰংজা খুংগুৰ বসুমতাৰীয়ে ৷ ইয়াৰ পাচত তেওঁ সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদি পলায়ন কৰে।

সমষ্টিটোৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৰংজা খুংগুৰ বসুমতাৰীয়ে বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে। বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া মতে সমষ্টিটোৰ কেবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীক প্ৰত্যাখ্যান কৰি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় টিকট দিছিল ৰংজা খুংগুৰ বসুমতাৰীক৷

কিন্তু দলৰ শীৰ্ষ নেতৃত্বৰ পৰা পোৱা আচৰণৰ বাবেই তেওঁ দলত্যাগ কৰা বুলি মন্তব্য কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে৷ বিপিএফ দলৰ একাংশ নেতৃত্বই টিকট লাভৰ আশাত ৰংজা খুংগুৰ বসুমতাৰীক আৰ্থিকভাৱে টনকিয়াল বুলি কৈছিল ৷ আৰু সেইমতে দলৰ পৰা টিকট লাভ কৰিছিল ৰংজা খুংগুৰ বসুমতাৰীয়ে৷

কিন্তু আৰ্থিকভাৱে দুৰ্বল ৰংজা খুংগুৰ বসুমতাৰীক সহায়ৰ হাত আগবঢ়োৱা নাছিল বিপিএফ দলৰ শীৰ্ষ নেতৃত্বই ৷ যাৰ কাৰণে তেওঁ নিৰ্বাচনৰ আগমূহুৰ্তত বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ বাধ্য হ'ল বুলি মন্তব্য কৰে ইমানুৱেল মুছাহাৰীয়ে ৷

বিপিএফ শূন্য তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলৰ প্ৰাৰ্থী লেহোৰাম বড়োক ৰংজা খুংগুৰ বসুমতাৰীয়ে সহায় কৰি যাব বুলিও মন্তব্য কৰে ইমানুৱেল মুছাহাৰীয়ে। একমাত্ৰ বিপিএফৰ শীৰ্ষ নেতৃত্বৰ পৰা পোৱা অৱহেলাৰ বাবে এনে নজিৰ বিহীন ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰে ইমানুৱেল মুছাহাৰীয়ে ৷বিটিএডিত বিপিএফে এখনো আসন নাপায় বুলি মন্তব্য কৰি ইমানুৱেল মুছাহাৰীয়ে তেওঁ দলীয় টিকট বিচাৰি হাগ্ৰামা মহিলাৰীৰ ওচৰলৈ যোৱা বুলি ওলোৱা যোৱাটো এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে৷