/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bokakhat-2.jpg)
ডিজিটেল সংবাদ,বোকাখাত : ঘনে ঘনে সলনি হৈছে বোকাখাতৰ ৰাজনৈতিক দৃশ্যপট। যি সময়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্বত অসমত নতুনকৈ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাত ধ্বনি উঠিছিল তেনে সময়তে নৱ গঠিত আঞ্চলিক দল দুটাৰ শেহতীয়াকৈ স্পষ্ট হৈ অহা ৰাজনৈতিক স্থিতিয়ে স্বাভাৱিকতেই অস্বস্তিত পেলাইছে সাধাৰণ ৰাইজক।
দুয়োটা দলৰ মিত্ৰতাৰ ভাঙোন কেইবাটাও সমষ্টিত স্পষ্ট হোৱাৰ পাছত বোকাখাততো দেখা গ'ল একেই দৃশ্য।সোমবাৰে বোকাখাতত ৰাইজৰ দলৰ হৈ অসম প্ৰাথমিক শিক্ষক সন্মিলনিৰ প্ৰাক্তন সভাপতি জীৱন চন্দ বৰাই মনোনয়ন দাখিল কৰে,লক্ষনীয় ভাৱে জীৱন বৰাক মনোনয়ন দাখিলত সহযোগ কৰিছিল অসম জাতীয় পৰিষদৰ হৈ ৰেব কান্ত গগৈয়ে কিন্তু মঙলবাৰে আকৌ জাতীয় পৰিষদৰ হৈ বোকাখাতত মনোনয়ন দাখিল কৰিলে ৰেব কান্ত গগৈয়ে। অৰ্থাৎ মিত্ৰদলৰ দুজনকৈ প্ৰাৰ্থীয়ে বোকাখাতত দাখিল কৰিলে মনোনয়ন প্ৰত্ৰ।লগেই সাধাৰণ ভোটাৰক বিভ্ৰান্তিত পেলাই স্পষ্ট হৈ পৰিল দুয়োটা আঞ্চলিক দলৰে ৰাজনৈতিক সংঘাত।
ইফালে বিগত সময়চোৱাত বোকাখাতত সামগ্ৰিক উন্নয়ণ প্ৰসংগত বোকাখাতৰ প্ৰাক্তন বিধায়ক, কৃষি মন্ত্ৰী অতুল বৰাক ক্ষুৰধাৰ সমালোচনা কৰা অসম জাতীয় পৰিষদৰ বোকাখাতৰ নেতৃবৰ্গই যে আঞ্চলিকতা বাদৰ এখন মুখাহে পৰিধান কৰি আছিল সেয়া প্ৰমানিত হ'ল মঙলবাৰে নিশা অতুল বৰাৰ বোকাখাতৰ বাসগৃহত।
১৯ ফেব্ৰুৱাৰীত বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অনুষ্ঠিত "জাতীয় জাগৰণ সমাবেশ"ত অসমত আঞ্চলিকতাবাদক অগপ সভাপতি অতুল বৰাই ধ্বংস কৰিলে বুলি কঠোৰ সমালোচনাৰে অসম জাতীয় পৰিষদৰ বোকাখাতৰ সমৰ্থকক অসমৰ ৰাজনীতিৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উচ্ছেদ কৰাৰ আহ্বান দিয়া অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক দীপক হাজৰিকা সহ গোলাঘাট জিলা সমিতিৰ ধীৰেণ দাস,কাজল মণ্ডল,মনোৰঞ্জন বৰা,অজিত বৰা,জীৱন বৰা,কুন্তুলা মাৰ্ডি টুৰি,বিজয় পাইক,বোকাখাত সমষ্টি সমিতিৰ লেখক জ্যোতি তুৰি,অজিত কুৰ্মী,নবীন কুৰ্মী,চুবেন উৰিয়া,উপেন উৰিয়া,দিগন্ত ইন্দোৱাৰ,শিৱ উৰিয়া,শিৱ খাৰিয়া,ৰাজীৱ বৰাই অৱশেষত অতুল বৰাৰ বাসগৃহত কেশৱ মহন্তৰ উপস্থিতি অগপত যোগদান কৰে।
ফলত দীপক হাজৰিকাৰ দৰে মুল্যবোধৰ ৰাজনীতিত বিশ্বাস ৰখা এগৰাকী নেতাই পুণৰ অসম চুক্তি উলংঘা কৰা এটা দলৰ লগত চামিল হোৱা ঘটনাই তেওঁৰ জাতীয় নেতৃত্ব বহন কৰা গৰিমাত কালিমা সানিছে বুলি বোকাখাতৰ সচেতন মহলত সৰৱ চৰ্চা চলাৰ লগতে অসম জাতীয় পৰিষদৰ বোকাখাতৰ নেতৃত্বই অতুল বৰাৰ শৰনাপন্ন হোৱা কান্দই এই সকল ভুৱা আঞ্চলিকতা বাদীয়ে যে দীৰ্ঘদিন বোকাখাতত আঞ্চলিকতাবাদৰ নামত গোপনে অতুল বৰাৰ তৈল মৰ্দনত লিপ্ত আছিল সেয়া প্ৰমানিত কৰিলে ।