বিজেপিৰ ডাবল ইঞ্জিনে কাম নকৰে অসমত: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

বিজেপিৰ ডাবল ইঞ্জিনে কাম নকৰে অসমত: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author-image
asomiyapratidin
New Update
বিজেপিৰ ডাবল ইঞ্জিনে কাম নকৰে অসমত: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ চলায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ই। মঙ্গলবাৰে সন্ধিয়া মঙলদৈ আউলাচকত এটি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা খনৰ বহু কেইজন কংগ্ৰেছ নেতাৰ লগতে বহু দলীয় কৰ্মী।

এই কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানতে এসময়ৰ জাতীয়তাবাদী নেতা তথা কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ অপুৰ্ব কুমাৰ ভট্টাচাৰ্য। ভট্টাচাৰ্য ই বিজেপি চৰকাৰ খনক সমালোচনা কয় যে এই চৰকাৰ খনে দুখীয়া জনসাধাৰণৰ বাবে একো কৰা নাই কেৱল মাত্ৰ কেইজনমান বৃহৎ কোটিপতিৰ বাবেহে কাম কৰিছে। সেয়ে এই ২০২১ নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপি দলৰ চৰকাৰখনক ওফৰাই কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন কৰিব।

বিজেপিৰ ডাবল ইঞ্জিনে এইবাৰ কাম নকৰিব বুলি হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে।কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসৰ জয়ী নিশ্চিত,মঙলদৈ সমষ্টিত ৪০ হাজাৰ ভোটত জয়ী হব বসন্ত দাস আৰু অসমত মহাজোঁটৰ চৰকাৰ হব বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। এইবাৰ কংগ্ৰেছৰ পাঁচ গেৰান্তি লৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। জনসাধাৰণে কি দৰে পুনৰ বাৰ কংগ্ৰেছৰ বসন্ত দাসক আকোঁৱালি লয় সেয়া দুই মে'ত পৰিস্ফুত হব।