/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/hbs.jpg)
ডিজিটেল ডেস্ক : নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাধা আৰোপ কৰা নিৰ্দেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বিজেপি । কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ ঠাকুৰে সদৰি কৰিছে এই কথা । উল্লেখযোগ্য যে কংগ্ৰেছে দিয়া অভিযোগৰ ভিত্তিত ২ এপ্ৰিল ২০২১ত আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাত বাধা আৰোপ কৰিছে ।
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰিম বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মা । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ( নিয়া ) জৰিয়তে হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিম বুলি দিয়া ভাবুকিলৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰিনি পৰা ৪৮ ঘন্টাৰ পূৰ্বে ৪৮ ঘন্টাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰত বাধা আৰোপ কৰাত ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মন্ত্ৰী গৰাকীয়ে আৰু কোনো নিৰ্বাচনী সভাত অংশ ল'ব নোৱাৰিব ।
কেবল নিৰ্বাচনী সভা বা ৰেলীয়ে নহয় সমাজিক মাধ্যমতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন সংক্ৰান্ত কোনো প্ৰচাৰ চলাব নোৱাৰিব । এই কঠোৰ নিৰ্দেশৰ পিছতে বিজেপিয়ে আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি জানিব দিয়ে অনুৰাগ ঠাকুৰে ।