নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ’ব সম্ভাব্য প্ৰাৰ্থী…

নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ’ব সম্ভাব্য প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ’ব সম্ভাব্য প্ৰাৰ্থী…

ডিজিটেল সংবাদ,বান্দৰদেৱা : নাঁওবৈছাত অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক টিকট দিয়াৰ পিছৰে পৰাই সমষ্টিটোত খড়্গহস্ত বিজেপি।সম্প্ৰতি বিজেপি কৰ্মী সকলে সমষ্টিটোত ৰাও গজেন্দ্ৰ সিঙক প্ৰক্ষেপ কৰাৰ আয়োজন কৰিছে। বিজেপি নেতৃত্বৰ অনুমোদন পালে হয় বন্ধুত্বমুলক প্ৰতিদণ্ডিতা আগবঢ়াব নহলে নিৰ্দলীয়কৈ হলেও প্ৰতিদণ্ডিতা আগবঢ়াবলৈ মনস্থ কৰিছে ৰাও গজেন্দ্ৰ সিঙে।

Advertisment

দৰকাৰত বিজেপিৰ পদুম ফুল আজুৰি আনি হলেও প্ৰতিদণ্ডিতা কৰিবলৈ আগবাঢ়িছে বিজেপি কৰ্মী সকল।সূদীৰ্ঘ সময় ধৰি জিলাখনত বিজেপিৰ গুৰিবঠা ধৰি অহা গজেন্দ্ৰ সিঙক টিকট বঞ্চিত কৰাত ক্ষুব্ধ বিজেপি কৰ্মীৰ এই সিদ্ধান্ত ই সমষ্টিটোত অগপ প্ৰাৰ্থীক বিপদত পেলোৱাটো নিশ্চিত।