ছিপাঝাৰত বিজেপিৰ প্ৰতিবাদ…

ছিপাঝাৰত বিজেপিৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
ছিপাঝাৰত বিজেপিৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,মঙলদৈ : সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দল প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠক ব্যস্ত হৈ পৰাৰ লগতে ৰাজ্যজুৰি প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত হোৱা দেখা গৈছে । ছিপাঝাৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক টিকট নিদিয়াক লৈ ছিপাঝাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত শুক্ৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ছিপাঝাত মিত্ৰ দল অগপৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব কোনো কাৰণতে মানি নলয় সমষ্টিটোৰ বিজেপি নেতা কৰ্মীয়ে । বিনন্দ শইকীয়াৰ পৰিবৰ্তে মিত্ৰ দল অগপক সমষ্টিটো এৰি দিয়াৰ চৰ্চা চলি থকাৰ সময়তেই ক্ষোভত ফাটি পৰিছে বিজেপিৰ কৰ্মীসকল।