/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/narayan-pur.jpg)
ডিজিটেল সংবাদ,নাৰায়ণপুৰ : ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিতো প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাট আৰম্ভ হৈছে বিজেপিত । দুই মেৰুত অৱস্থান বিহপুৰীয়াৰ বিজেপি শিবিৰ । এফালে যদি টিকেট বঞ্চিতৰ প্ৰতিবাদ আনফালে প্ৰাৰ্থীত্ব লাভত উৎফুল্লিত একাংশ দলীয় কৰ্মী ।
সমষ্টিটোৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই একাংশই প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে অমীয় কুমাৰ ভূঞাৰ প্ৰাৰ্থীত্ব লাভত উৎফুল্লিত হৈ পৰিছে একাংশ দলীয় সমৰ্থক ৷ সমষ্টিটোৰ নাৰায়ণপুৰস্থিত বিজেপি দলৰ কাৰ্যালয়ৰ সমুখত এতিয়া দুই গোটৰ যুদ্ধংদেহী মূৰ্তি ।
একাংশৰ মুখত দেবানন্দ হাজৰিকা জিন্দাবাদ আন একাংশৰ মুখত অমিয় ভূঞা জিন্দাবাদ ধ্বনি । আনফালে দেবানন্দ হাজৰিকাৰ সমৰ্থকে তলা মাৰি বন্ধ কৰি দিলে নাৰায়ণপুৰ বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত ।