নিৰ্বাচনৰ বতৰত কিয় আকৌ- ‘ফুলনি মানেই বাগিছা’…

নিৰ্বাচনৰ বতৰত কিয় আকৌ- ‘ফুলনি মানেই বাগিছা’…

author-image
asomiyapratidin
New Update
নিৰ্বাচনৰ বতৰত কিয় আকৌ- ‘ফুলনি মানেই বাগিছা’…

ডিজিটেল ডেস্ক : এসময়ত খুব চৰ্চা হৈছিল এটা গান । গীতটো আছিল ফুলনি মানে বাগিছা বাগিছা মানে ফুলনি । আকৌ চৰ্চালৈ আহিছে এই গীতটো । এইবাৰ ৰাজনীতিৰ প্ৰসংগত চৰ্চালৈ আহিছে ফুলনি মানে বাগিছা,বাগিছা মানে ফুলনি ।

Advertisment

২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল অজন্তা নেওঁগ । সেইবাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা কৰিছিল বিতোপন শইকীয়াই । ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিলৈ গ'ল অজন্তা নেওঁগ । শেষ মুহুৰ্তত টিকট পাম পাম বুলি ভাবি থকা বিজেপি নেতা বিতোপন শইকীয়া টিকটৰ পৰা বঞ্চিত হ'ল ।

টিকটৰ পৰা বঞ্চিত হৈ দলকে বাদ দিলে বিতোপন শইকীয়াই । নিশাৰ ভিতৰতে তেওঁ আহি কংগ্ৰেছত যোগ দিলে । দলে তেওঁক সমষ্টিটোৰ প্ৰাৰ্থিত্বও প্ৰদান কৰিলে । ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত ২০১৬ চনৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী বিজেপিৰ প্ৰাৰ্থী হ'ল আৰু সেইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী গৰাকী এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল । সমাজিক মাধ্যমত এতিয়া সেয়েই চৰ্চা ফুলনি মানে বাগিছা,বাগিছা মানে ফুলনি ।