/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/BATADRAWA-ANGUR.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ভোটদান পৰ্বলৈ মাজত মাত্র আৰু কেইটামান দিন বাকী থকাৰ অন্তত এতিয়া বটদ্ৰৱা সমষ্টিত সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ শনিবাৰে সংবাদ মেলত কংগ্রেছ ত্যাগ কৰা বুলি ঘোষণা কৰা প্ৰাক্তন শিক্ষা মন্ত্রী গৌতম বৰাৰ বাসগৃহত দেওবাৰে সন্ধ্যা দলীয় নেতা কৰ্মী সহ গৈ উপস্থিত হয় বিধায়িনী আঙুৰলতা ডেকা।
কাৰন সোমবাৰে পু্ৱা ১১ বজাত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত থকা খেলপথাৰত ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ আঙুৰলতাৰ হৈ প্ৰচাৰ চলাব। এই অনুষ্ঠানতেই গৌতম বৰাই গেৰুৱা বসন পৰিধান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।হিমন্ত বিশ্ব শৰ্মাই ৰেলীত অংশগ্ৰহণ কৰিব দলংঘাটৰ বেলতল খেলপথাৰত।