/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/last.jpg)
ডিজিটেল ডেস্ক : সময় অতি উদ্বেগজনক। কি হব নিৰ্বাচনৰ ফলাফল। দুই নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশে ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব।কা, এন আৰ চি, খিলঞ্জীয়া আদিৰ প্ৰসংগত বিজেপিয়ে ওলোটা খৰ মাৰিলে। চিণ্ডিকেট পৃষ্ঠপোষকতা এইখন চৰকাৰেও কৰিলে। জাতীয়বাদত চেতনা পুনৰ জাগ্ৰত হৈছিল। ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত অগপই আত্মসমৰ্পণ কৰিলে ।
খুব দৌৰাদৌৰিকৈ ৰাইজৰ দল গঠন কৰা হল। অখিল গগৈ কাৰাৰূদ্ধ হৈ থাকিল। তেওঁৰ অনুপস্থিতি নতুন চামে লব লগা হল দলটোৰ প্ৰাৰম্ভিক কাম-কাজৰ সকলো দায়িত্ব। বিজেপি বিৰোধী ভোট বিভাজন নোহোৱাৰ স্বাৰ্থতে দলটোৱে ৩৮টা সমষ্টিত থিয় কৰাইছিল প্ৰাৰ্থী।
অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ফলাফল কি হব শীৰ্ষক অনুষ্ঠানত অংশ লৈ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই অংশ লৈ কয়- এইবাৰ নিৰ্বাচন আমাৰ দিছপুৰ দখলৰ লক্ষ্য নাছিল। সেই ৰণনীতিৰে এইবাৰ বিজেপি বিৰোধী ভোট যাতে বিভাজন নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি আমি এইবাৰ নিৰ্বাচত অৱতীৰ্ণ হৈছিলো। তথাপিও আমি আশাবাদী আমি ভাল ফলাফল পাম।
বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে এই নিৰ্বাচনত অৱৰ্তীণ হলেও সেয়া জানো সম্ভৱ হ'ল? কিছু সমষ্টিত ৰাইজৰ দল, মহাজোঁট, অজাপৰ প্ৰাৰ্থী দিয়া হৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই কয় যে, আমি সকলো বিৰোধী শক্তি একলগ হোৱাৰ পূৰ্ণ প্ৰচেষ্ট চলাইছিলো।
ফলাফল কি হব শীৰ্ষক অনুষ্ঠানতো চাব পাৰিব তলৰ লিংকত
এই সন্দৰ্ভত কথা পাতিবলৈ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈক সাক্ষাতৰ বাবে গৈ নিৰাশ হোৱাৰ কথাও তেওঁ সদৰি কৰিলে এই অনুষ্ঠানত। বৈঠকত মিলিত হোৱাৰ বাবে বাৰে বাৰে ৰাইজৰ দলৰ নেতৃত্বই কংগ্ৰেছ নেতাগৰাকীৰ সৈতে চেষ্টা কৰিছিল যদিও এবাৰ সময়ৰ অভাৱ আৰু দ্বিতীয় বাৰ তেওঁৰ ঘৰত কুকুৰ মৰাৰ অজুহাত দেখুৱাই লগ ধৰা নাছিল।
ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই লগতে কয়- আমি ভাৱিছিলো বিৰোধী সকলো শক্তি কৌশলগতভাৱে একলগ হম। ৮ ফেব্ৰুৱাৰীত আমি জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত বহিছিলো। অখিল গগৈকো সাক্ষাতৰ কথা আছিল।কিন্তু সেয়াও তেওঁলোকে নকৰিলে। আমি তালিকা পৰ্যন্ত দিছিলো।
তেওঁলোকে এই তালিকা আমাক কিছু সংক্ষিপ্ত কৰিবলৈ দিলে, সেয়াও আমি কৰি দিলো। কিন্তু পিছৰ পৰ্যায়ত তেওঁলোক আধিপত্যবাদত আমি অতিষ্ঠ হলো। অখিল গগৈয়ে তাৰ পাছত এখন মুকলি চিঠি লিখিলে।
কিন্তু আমাক একাংশই ভিতৰৰ এই কথাবোৰ নজনাকৈয়ে দোষাৰোপ কৰি নানান মন্তব্য কৰিলে।অসম জাতীয় পৰিষদেও আমাৰ দলৰ নেতাই প্ৰতিন্দন্দ্বিতা কৰিবলগীয়া বহু সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সৰ্বসন্মত সিদ্ধান্তলৈ আহিব নোৱাৰিলেও বহু কেইটা সমষ্টিত আমি ঐক্যৱদ্ধভাৱে যুঁজ দিছো।
ইফালে মহাজোঁট গঠনৰ ক্ষেত্ৰত অজিত কুমাৰ ভূঞাই পদক্ষেপ লৈছিল। ৰাইজৰ দলক তেওঁ এই মহাজোঁটলৈ আনিব নোৱাৰিলে কিয়? কোন বিফল হল? এই প্ৰশ্নৰ উত্তৰত ভাস্কো ডি শইকীয়াই কয়- এইবাৰ কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট নহয়য।যদি কেনেবাকৈ বিজেপি ক্ষমতালৈ আহে ইয়াৰ বাবে দায়ী হব কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওদল আৰু মহাজোঁট গঠনৰ বাবে আগভাগ লোৱা উদ্যোক্তাসকল।
ধৰ্মীয় মেৰুকৰনৰ ক্ষেত্ৰত এইবাৰ বিজেপি সফল নহল। এইবাৰ ৰাজনীতিত জাতীয়তাবাদ প্ৰসংগই স্থান পাইছিল। বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটাই সাম্প্ৰদায়িক। সংখ্যগুৰু সাম্প্ৰদায়িক হলে ফেচীবাদী শাসকৰ ৰূপ লয় আৰু সংখ্যালঘু সাম্প্ৰদায়িক শক্তিয়ে বিচিন্নতাবাদৰ পৃষ্ঠপোষক হয়।
এইবাৰ নিৰ্বাচনত নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এই২১ৰ নিৰ্বাচন আমাৰ বাবে এখন প্ৰস্তুতি মেচৰ দৰে।
সম্পূৰ্ণ খণ্ডটি চাবলৈ ক্লিক কৰক তলৰ লিংকত-
৩৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি কিমানটা সমষ্টিত জয়লাভ কৰিব? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, জনতাই ৰায় দিছে। আমি সেই ৰায়ৰ বাবে অপেক্ষা কৰিম। আমি জিকাতকৈ বিজেপিক পৰাস্ত কৰাৰ বাবে বেছি চেষ্টা কৰিছিল।
আনহাতে তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে মহাজোঁটৰ প্ৰাৰ্থী বহু সমষ্টিত হাৰিব বুলি উত্থাপিত হোৱা অভিযোগ অস্বীকাৰ কৰে। তেওঁ লগতে কয় যে, অখিল গগৈ ১০০শতাংশ জয়ী হব। বিজেপি-কংগ্ৰেছ নেতৃত্বই অখিল গগৈ পৰাস্ত হব বুলি কৌশলগত প্ৰচাৰ চলাই আছে।