ল’লে চূড়ান্ত সিদ্ধান্তঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে…

ল’লে চূড়ান্ত সিদ্ধান্তঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে…

author-image
asomiyapratidin
New Update
গুৱাহাটী পৌৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা…

ডিজিটেল ডেস্কঃ আগন্তুক পশ্চিম বংগৰ বিধান সভা নিৰ্বাচনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে। এতিয়ালৈকে ঘোষণা কৰা ১২২ জন প্ৰাৰ্থীৰ তালিকাৰ ভিতৰত  বিজেপিয়ে ২২ জন দল বাগৰা নেতাক টিকট দিছে। তেওঁলোকৰ বেছিভাগেই তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা নেতাসকলৰ ভিতৰৰ অন্যতম।

সভাপতি গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিবৰ্তে দলৰ হৈ পূৰ্ণ কাম কৰিব আৰু সমগ্ৰ ৰাজ্যত বিজেপিৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ চলাব । সভাপতি দিলীপ ঘোষে কয়,  "নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকাত মোৰ নাম নাথাকিব। বিজেপিয়ে সিদ্ধান্ত লৈছে যে দলৰ সভাপতি হিচাপে সমগ্ৰ ৰাজ্যত প্ৰচাৰ মোৰ নেতৃত্বত থাকিব আৰু সেই অনুসৰি মইও কাম কৰি আছো।"