বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকালৈ আশীৰ্বাদ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ…

বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকালৈ আশীৰ্বাদ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকালৈ আশীৰ্বাদ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : সমাগত অসম বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৮৪ নং বটদ্ৰৱাৰ বিধায়িকা তথা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাৰ বিজয়ৰ কামনা কৰি আশীৰ্বাদ নিৰ্মালি বানী প্ৰেৰণ কৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শঙ্কৰদেৱ বটা বিজয়ী বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱ শৰ্মাই। সাংবাদিকলৈ প্ৰেৰণ কৰা এটি ভি ডি অ' বাৰ্তাত সত্ৰাধিকাৰ গৰাকীয়ে এইকথা প্ৰকাশ কৰে ।

Advertisment

তেওঁ কয় যে ২০১৬ চনৰ আগলৈকে বটদ্ৰৱাৰ বেদখল হৈ থকা ১৩০ বিঘা ভূমি বেদখল মুক্ত কৰি "বটদ্ৰৱা প্ৰকল্পৰ" দৰে জাতীয় জীৱনৰ বাবে উন্নয়ণমুখী প্ৰকল্প গ্ৰহন কৰি সমষ্টি উন্নয়ণৰ প্ৰতি বিধায়িকা আঙুৰলতাই দেখুওৱা সদিচ্ছাৰ বাবে এই আশীৰ্বাদ বানী প্ৰেৰণ কৰে ঐতিহাসিক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাই।