/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/7.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰতিদিন টাইমৰ সাংবাদিক নজৰুল ইছলামক মন্ত্ৰী পীষুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শুক্ৰবাৰে এক সংবাদমেল আয়োজন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাক সকিয়নি দিয়াৰ লগতে গৰিহণা দিয়ে। শুক্ৰবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলাৰ বটদ্ৰৱাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত আয়োজন কৰা সংবাদমেলত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সাংবাদিকক ভাবুকি প্ৰদান কৰি নিৰ্বাচনী বিধি উলংঘা কৰা অপৰাধত তেওঁ নিৰ্বাচনী প্ৰাৰ্থিত্ব নাকচ কৰিবলৈ মুখ্য নিৰ্বাচনী আয়োগৰ ওচৰত দাবী তুলিছে।
লগতে সাংবাদিকক ৰাস্তাত চোচৰাই অনালৈকে ভাবুকি প্ৰদান কৰাৰ গোচৰত অভিযুক্ত কৰি পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তেওঁক জেললৈ পঠিয়াই অসমৰ অনান্য সাংবাদিকক ভাবুকি দিয়া গোচৰৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে।
শুক্ৰবাৰে সংবাদমেলত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক খাইৰুল ইছলাম, সাংগঠনিক সম্পাদক মহম্মদ আলী, নগাঁও জিলাৰ সভাপতি হাৰুণ অল ৰচিদ, কাৰ্যকৰী সভাপতি আশ্বাদুল ইছলামকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।