ভৱানীপুৰ সমষ্টি এৰি নন্দীগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব মমতাই,প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা…

ভৱানীপুৰ সমষ্টি এৰি নন্দীগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব মমতাই,প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা…

author-image
asomiyapratidin
New Update
ভৱানীপুৰ সমষ্টি এৰি নন্দীগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব মমতাই,প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা…

ডিজিটেল ডেস্ক : শুকুৰবাৰে তৃণমূল কংগ্ৰেছে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথম খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । মমতা বেনাৰ্জীয়ে কয় যে আমি ৫১ জন মহিলা প্ৰাৰ্থী আৰু ৪২ জন সংখ্যালঘু প্ৰাৰ্থীকে ধৰি ২৯১ জন প্ৰাৰ্থীৰ তালিকা মুকলি কৰিম । মই ভৱানীপুৰ সমষ্টি এৰি নন্দীগ্ৰামৰ পৰা প্ৰতিদ্বন্দিতা কৰিম ।

মমতাই প্ৰাৰ্থী তালিকা ঘোষণা কৰি কয়, "মই জনসাধাৰণৰ আশীৰ্বাদ বিচাৰো। মোৰ ওপৰত বিশ্বাস কৰক। কেৱল তৃণমূল কংগ্ৰেছে হে বংগৰ বিকাশৰ বাবে কাম কৰিব পাৰে যাতে বংগ দেশৰ শীৰ্ষ ৰাজ্য হৈ পৰে। আমি যোৱা ১০ বছৰত কঠোৰ পৰিশ্ৰম কৰিছো। কোৰোনা আৰু অমফান হাৰিকেনৰ দৰে দুৰ্যোগত সেয়া দেখা গৈছিল। আমি ভাল কাম কৰিছো।মমতাই লগতে কয় যে আমি কলা, ক্ৰীড়া, সংবাদ মাধ্যম আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক টিকট দিছো। বয়স আৰু অন্যান্য কাৰণত এইবাৰ ২৩-২৪ জন বৰ্তমানৰ তৃণমূল কংগ্ৰেছ বিধায়কক টিকট প্ৰদান কৰা হোৱা নাই ।