/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/sarad-pawar.jpg)
ডিজিটেল ডেস্ক : বিজেপিয়ে দেশত অনুষ্ঠিত হ'ব লগীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অসমৰ বাহিৰে বাকী চাৰিখন ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজয় হ'ব । দেওবাৰে এই মন্তব্য কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ সভাপতি শাৰদ পাৱাৰে ।
তেওঁ কয় যে- পাঁচটা ৰাজ্যত নিৰ্বাচনে দেশক এক নতুন দিশ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামতী চহৰত সাংবাদিকৰ সৈতে কথা পাতি পাৱাৰে পশ্চিম বংগৰ নিৰ্বাচনীনত ৰাজ্য খনত ক্ষমতাৰ ভুল ব্যৱহাৰ কৰাৰ বাবে অভিযোগ উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।
দেশৰ পশ্চিম বংগ, কেৰালা, তামিলনাডু, অসম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচন মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহন । ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হ'ব । ইফালে ভোট গণনা অনুষ্ঠিত হ'ব ২ মে'ত ।