হাজাৰ হাজাৰ জনতাৰে ভৰি পৰিল মহানগৰীৰ ৰাজপথ…

হাজাৰ হাজাৰ জনতাৰে ভৰি পৰিল মহানগৰীৰ ৰাজপথ…

author-image
asomiyapratidin
New Update
হাজাৰ হাজাৰ জনতাৰে ভৰি পৰিল মহানগৰীৰ ৰাজপথ…

ডিজিটেল ডেস্কঃ সমূখত মাত্ৰ কেইটামান দিন । অধীৰ অপেক্ষাৰত অসমৰ জনতা। কোন বহিব দিশপুৰত ৰাজ প্ৰাসাদত? সিদ্ধান্ত ল'ব অসমৰ জনতাই। শুক্ৰবাৰে অসম বিধান সভা নিৰ্বাচন ২০২১ ৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন। মনোনয়ন দাখিলৰ অন্তিমটো দিনত ভালেই কেইগৰাকী নেতাই দাখিল কৰিলে মনোনয়ন পত্ৰ। বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো হাজাৰ হাজাৰ জনতাক লগত লৈ দাখিল কৰিলেহি মনোনয়ন। দিনৰ প্ৰায় ২.৩০ বজাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ড০ শৰ্মাই মনোনয়ন দাখিল কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় মন্ত্ৰী বিৰেন সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু শৰ্মাৰ পত্নী-পুত্ৰসহ হাজাৰ হাজাৰ জনতাৰে সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা এক বৃহৎ ৰেলীৰে উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জালুকবাৰী সমষ্টিৰ হৈ মনোনয়ন দাখিল কৰে ড০ শৰ্মাই। মনোনয়ন দাখিলৰ অন্তত সংবাদ মাধ্যমৰ আগত ড০ শৰ্মাই কয়, "জালুকবাৰীত এইবাৰ গোটেই ভোট ময়েই পাম। হাজাৰ হাজাৰ জনতাই আজি তাকেই প্ৰমাণ কৰিলে। আমি সকলোৱে বন্ধু সুলভভাৱে নিৰ্বাচন খেলিব লাগে। নিৰ্বাচনৰ ক্ষেত্ৰত বহু সৰু-সুৰা ঘটনা চলিয়েই থাকে। সেইবোৰ ওফৰাই আমি আগবাঢ়িব লাগিব। জনতাই বিকাশ আৰু উন্নয়ণ বিচাৰে আৰু আমি বিকাশ আৰু উন্নয়ণৰে জনতাৰ হৃদয়ত সোমাম।"

Advertisment

আনহাতে, বহু সমৰ্থকক লগত লৈ পূৱ গুৱাহাটী সমষ্টিৰ হৈ মনোনয়ন দাখিল কৰিলে মহাজোঁট বন্ধনৰ প্ৰাৰ্থী কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈয়ে। দিনৰ প্ৰায় ১২.৫৫ বজাত মনোনয়ন দাখিল কৰে। কামৰূপ মহানগৰ জিলাৰ উপাযুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলেহি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। জনতাৰ গভীৰ আশ্বাস বুকুত বান্ধি পূৱ গুৱাহাটী সমষ্টিৰ উন্নয়ণৰ হকে কাম যাবলৈ গভীৰ ইচ্ছা প্ৰকাশ কৰে নেত্ৰী গৰাকীয়ে।

কামৰূপ মহানগৰ জিলাৰ উপাযুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে দিশপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনজিৎ মহন্তই। মনোনয়ন দাখিলৰ অন্তত মহন্তই বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, "বিজেপি অসমৰ বাবে এতিয়া ফটা ঢোল। মোডীৰ ঢৌ এতিয়া অসমত নাই। গতিকে জনতাৰ ওপৰত আমাৰ গভীৰ বিশ্বাস, এইবাৰ দিশপুৰত সঠিক চৰকাৰ হ'ব।" ইয়াৰ উপৰিও মহন্তই সংবাদ কৰ্মী সকলক কয় যে, তেৱো এগৰাকী জ্যেষ্ঠ সংবাদ কৰ্মী হিচাপে সাংবাদিক বন্ধু সকলৰ পৰা তেখেতৰ এই যাত্ৰাত সহযোগিতা বিচাৰে।

ইয়াৰ উপৰিও শুক্ৰবাৰৰ দিনটোত পূৱ গুৱাহাটী সমষ্টিৰ হৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ ফুকন, পূৱ গুৱাহাটী সমষ্টিৰ হৈ নিৰ্দ্দলীয় প্ৰাৰ্থী নেকিব কাজিৰকে আদি কৰি ভিন্নজনে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মহানগৰীৰ আকাশ-বতাহ কঁপাই কামৰূপ মহানগৰ জিলাৰ উপাযুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।