ছত্তীশগড়ক মডেল হিচাবে লৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ…

ছত্তীশগড়ক মডেল হিচাবে লৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ…

author-image
asomiyapratidin
New Update
ছত্তীশগড়ক মডেল হিচাবে লৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ…

ডিজিটেল সংবাদ ,লখিমপুৰঃ বিজেপি মিত্ৰজোঁটৰ ভেটিত কঁপাই মহাপুৰুষ মাধৱ দেৱৰ জন্মস্থান লেটেকুপুখুৰীত সেৱা লৈ উত্তৰ অসমৰ পৰাই নিজ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মহা সচিব প্ৰিয়ংকা গান্ধী বাদ্ৰা ৷ বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰু নাগৰিকত্ব সংশোধনী আইন,নিবনুৱা সমস্যা ,মূল্য বৃদ্ধিক প্ৰধান লক্ষ্য হিচাবে প্ৰক্ষেপ কৰি প্ৰিয়ংকা গান্ধী বাদ্ৰাই লখিমপুৰৰ পৰাই নিৰ্বাচনী প্ৰচাৰত নামিল ৷

Advertisment

বিশাল জনসভাৰ পৰিৱৰ্তে লক্ষণীয় ভাৱে কৌশলী নিৰ্বাচনী প্ৰচাৰত মনোনিৱেশ কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী গৰাকীয়ে ৷উত্তৰ লখিমপুৰ লীলাবাৰী বিমান বন্দৰত বিশেষ বিমান যোগে অৱতৰণ কৰি বিমান বন্দৰৰ প্ৰৱেশ পথত স্হানীয় লোকৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰিয়ংকা গান্ধী ৷মিচিং জনগোষ্ঠীৰ গুমৰাগ চঃমান ,চাহ জনগোষ্ঠীৰ ঝুমুৰ আৰু বিহু নৃত্যৰে কংগ্ৰেছ নেত্ৰী গৰাকীক অভিবাদন জনোৱা হয় ৷

মাদলৰ তালে তালে কিছু সময় লীলাবাৰীত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নাচিবলৈ প্ৰয়াস কৰে ৷ইয়াৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ অসম বচাও শ্লোগান যুক্ত বাহনত উঠি অসম বচাও আন্দোলনত ভাগ লয় নেত্ৰী গৰাকীয়ে ৷প্ৰায় ৪ ঘন্টা ৩০ মিনিট জোৰা প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনকেন্দ্ৰিক এই উত্তৰ অসম ভ্ৰমণ অতি ব্যতিক্ৰম আৰু তাৎপৰ্যপূৰ্ণ ৷কিয়নো জনসভাৰ পৰিৱৰ্তে মুস্তিমেয় লোকৰ লগত বাৰ্তালাপ কৰি ট্ৰেভেলাৰ বাহনত উঠি স্বচক্ষে নিজ দলৰ সাংগঠনিক স্হিতি বুজ লৈছিল প্ৰিয়ংকা গান্ধীয়ে ৷

প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই অসমীয়া প্ৰতিদিনক জনোৱা মতে, অসম প্ৰদেশ কংগ্ৰেছৰ দুই এক শীৰ্ষ নেতাৰ বাহিৰে প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণ সূচীৰ বিষয়ে সকলোৱে বিতংকৈ জনা নাছিল ৷ চাহবাগিছাত পাত ছিঙা, চাহ শ্ৰমিকৰ পাক ঘৰত চাহ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰা আদি প্ৰিয়ংকা গান্ধীৰ ৰোড মেপত অন্তৰ্ভুক্ত হয় ৷ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ ৱাঘেলৰ উদ্যোগত ৰোড মেপ তৈয়াৰ হৈছিল প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণ৷একাৰ্থত ছত্তীশগড়ৰ আৰ্হিতে অসমত নিৰ্বাচনী প্ৰচাৰৰ ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে ৷

প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰ মতে, চাহ জনগোষ্ঠী ,সমাজৰ পিছপৰা শ্ৰেণী ,জনজাতীয় ভোটাৰ সকলক মুলধন হিচাপে লৈ বিজেপি মিত্ৰজোঁটৰ হাইটেক নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা হয় বুলি জানিব দিয়ে ৷ সেয়েহে ছত্তীশগড়ৰ প্ৰায় দুশ জন যুৱ কংগ্ৰেছীক অসমৰ ভিন্ন প্ৰান্তত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ৰোড মেপ তৈয়াৰত নিয়োগ কৰা হৈছে ৷

আনকি এই বিষয়ে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতা অৱগত হোৱা নাই ৷ সেই অনুসৰি প্ৰিয়ংকা গান্ধীৰ প্ৰথম ভ্ৰমণ সুচীৰ দিনটোত লখিমপুৰৰ পৰা বিশ্ব নাথলৈ প্ৰতিটো কাৰ্যসুচীত পোন্ধৰশৰ পৰা সৰ্বাধিক দুহেজাৰ কংগ্ৰেছ কৰ্মীক সমৱেত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী গৰাকীৰ এই সমগ্ৰ ভ্ৰমণ সুচী তৈয়াৰ হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং ভানৱাৰ,ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী তথা উত্তৰ অসমৰ সহ তত্ত্বাৱধায়পক বিকাশ উপাধ্যায় আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা ৰছিদ ফিক্ৰীৰ যোগেদি ৷ সেই অনুসৰি উত্তৰ অসমৰ চৈধ্যটা বিধান সভা সমষ্টিৰ ৯ টা বিধান সভা সমষ্টি কংগ্ৰেছৰ বাবে অনুকুল স্হিতি বুলি চিহ্নিত কৰি সেই বিধান সভা সমষ্টি কেইটাত কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷

কিয়নো সেই কেইটা বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিসম্বাদ আৰু ক্ষমতা কেন্দ্ৰীক খোৱা কামোৰা উপৰিও ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌৱে ক্ৰিয়া কৰি আছে ৷ সেয়ে ধেমাজি,লখিমপুৰ ,নাওবৈছা ,বিহপুৰীয়া ,গহপুৰ ,বিশ্বনাথ তেজপুৰ সমষ্টিক প্ৰথম প্ৰাধান্য দি প্ৰিয়ংকা গান্ধীৰ ৰোড মেপ তৈয়াৰ কৰা হয় ৷ এই সমষ্টি কেইটাত বিজেপি মিত্ৰজোঁটৰ বিসম্বাদক লক্ষ্য কৰি দলীয় ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে ৷

কংগ্ৰেছে এই নিৰ্বাচন অসমৰ অস্তীত্ব ৰক্ষাৰ নিৰ্বাচন বুলি অভিহিত কৰিছে ৷ইয়াৰ সংস্কৃতি আৰু আত্ম পৰিচয় অটুট ৰাখিবলৈ হ'লে কংগ্ৰেছ পুণৰ ক্ষমতালৈ আহিব লাগিব ৷ বিজেপি মিত্ৰজোঁটে বহু প্ৰতিশ্ৰুতি দিছিল সেয়া কিন্তু পূৰণ কৰিব নোৱাৰিলে ৷জোঁটবন্ধনৰ জৰিয়তে কংগ্ৰেছ পূনৰবাৰ শাসনলৈ আহিব ৷চৰকাৰ আমাৰে হ'ব ৷ এয়া মূল বিষয় টীম ছত্তিছগড়ৰ ৷

আনহাতে জানিব পৰা মতে, কংগ্ৰেছ শাসনলৈ আহিলে মুখ্যমন্ত্ৰী কোন হ'ব সেয়াও কংগ্ৰেছ ৱৰ্কিং কমিটিৰ নিৰ্দেশ মৰ্মে টীম ছত্তিছগড়ে থিৰাং কৰিছে ৷প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সলনি টীম ছত্তিছগড়ৰ ৰিপৰ্ট মতে ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিছে ভুপেশ ৱাঘেলৰ নেতৃত্বত টীম ছত্তিছগড়ে ৷