/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/laluk-1.jpg)
ডিজিটেল সংবাদ, বান্দৰদেৱাঃ বৃহস্পতিবাৰে নাঁওবৈছাৰ লালুকত অগপৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ আজি প্ৰচাৰ চলালে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু নুৰুল হুচেইনে।লালুক গনভৱন প্ৰাংগনত অগপৰ এই গন সমাবেশত কেইবা হাজাৰ বিজেপি আৰু অগপৰ সমৰ্থক উপস্থিত থাকে।
ভাষন প্ৰসংগত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যিকোনো মূল্যৰ বিনিময়ত অগপৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক জয়ী কৰোৱাবলৈ আহ্বান জনায়।উল্লেখ্য যে, সমষ্টিটোত বিজেপিৰ টিকটৰ বঞ্চিত প্ৰাৰ্থী গজেন্দ্ৰ সিঙেও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।