/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bjp-123.jpg)
ডিজিটেল ডেস্ক : সমাগত অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰায় ৪০ গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে ৪০ গৰাকী ষ্টাৰ কেম্পেনাৰে বিজেপিৰ হৈ সমগ্ৰ অসমতে প্ৰচাৰ চলাব ।
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মুখতাৰ আব্বাছ নাকভি, বিহাৰৰ মন্ত্ৰী চৈয়দ শ্বাহনাৱাজ হুছেইন,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকো বিজেপিৰ হৈ প্ৰচাৰ কৰা দেখা যাব।
বিজেপিৰ উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, অসমৰ নিৰ্বাচন প্ৰভাৰী তথা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু সহ প্ৰভাৰী জিতেন্দ্ৰ সিংও অসমত প্ৰচাৰ চলোৱাৰ লগতে ভোজপুৰী অভিনেতা মনোজ তিৱাৰী আৰু ৰবি কিষানেও দলৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ কৰাৰ দায়িত্বত থাকিব ।