আজমল কংগ্ৰেছৰ মিত্ৰতাই কংগ্ৰেছক ৫০ বছৰলৈ পিছুৱাই নিব : হিমন্ত বিশ্ব শৰ্মা

আজমল কংগ্ৰেছৰ মিত্ৰতাই কংগ্ৰেছক ৫০ বছৰলৈ পিছুৱাই নিব : হিমন্ত বিশ্ব শৰ্মা

author-image
asomiyapratidin
New Update
আজমল কংগ্ৰেছৰ মিত্ৰতাই কংগ্ৰেছক ৫০ বছৰলৈ পিছুৱাই নিব : হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক : আজমল-কংগ্ৰেছৰ মহাজোঁট বন্ধনক পুনৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছ আৰু এআইইউডিঅএফৰ মিত্ৰতাৰ বাবে ৫০ বছৰ পিছলৈ যাব । মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৮০ ৰ দশকৰ আৰম্ভণিতে দলটো অসমৰ জনসাধাৰণৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পিছত কংগ্ৰেছে ইয়াত থিয় হ'বলৈ ২৫ বছৰ সময় লৈছিল । কিন্তু এতিয়া আজমলৰ সৈতে মিত্ৰতাৰ দ্বাৰা তেওঁ পুনৰ দলটোক ৫০ বছৰলৈ পিচুৱাই নিব ।

Advertisment

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে "আমাৰ প্ৰশ্ন হৈছে, দলটোৰ সৈতে ৫ গ্যেৰান্টী আছে, ৰাহুল আৰু প্ৰিয়ংকা আছে তাৰ পিছত আকৌ আজমলৰ কি প্ৰয়োজন? প্ৰিয়ংকা গান্ধীয়ে তেজপুৰৰ এক জনসভাত পাঁচ-গেৰাণ্টি অভিযান ঘোষণা কৰিছিল।এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কয় যে মোক বিজেপিৰয়ে একমাত্ৰ লক্ষ্য কৰি লৈছে । কিয়নো তেওঁ অসমত ৩৫ শতাংশ ভোট প্ৰভাৱিত কৰিব পাৰে।