লৈয়া হৰি নাম, নিজ দলতে কোনে মাৰিছে চিপৰাং…

লৈয়া হৰি নাম, নিজ দলতে কোনে মাৰিছে চিপৰাং…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল ডেস্ক : টিকটৰ পৰা বঞ্চিত হৈ এচাম নেতাই নিজ দলতে মাৰিছে চিপৰাং । বটদ্ৰৱা সমষ্টিৰ অন্যতম টিকটৰ দাবীদাৰ আছিল গৌতম বৰা । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকী এইবাৰ দলে টিকট নিদিলে। গৌতম বৰাৰ এটা অডিঅ' ক্লিপে বিশেষ চৰ্চা লাভ কৰিছে ।

Advertisment

য'ত বৰাই কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ বিপৰীতে নিৰ্দলীয় এজন প্ৰাৰ্থীক সমৰ্থন দিবলৈ কোৱা বুলি অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ বটদ্ৰৱাত বৰা কংগ্ৰেছৰ নেতা কৰ্মীৰ ৰোষত পৰাৰ সম্ভাৱনাই দেখা দিছে ।

অবশ্যে এই সমষ্টিটোত টিকটৰ অন্যতম দাবীদাৰ আঞ্চলিক গণ মৰ্চাৰ নেতা লাচিত বৰদলৈয়ে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰত নামি পৰিছে । উল্লেখযোগ্য যে এই সমষ্টিটোৰ পৰা আঞ্চলিক গণ মৰ্চাৰ নেতা বৰদলৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে ।

কংগ্ৰেছে সমষ্টিটো এৰি নিদিয়াত টিকটৰ পৰা বঞ্চিত হৈছিল বৰদলৈ । ইফালে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা সাধৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যৰ ভুমিকা সন্দেহজনক হৈছে । দীৰ্ঘ সময় ধৰি ৰাজনীতিত থাকিলেও ঢেকীয়াজুলিত প্ৰাৰ্থিত্ব বিচৰা এই নেতা গৰাকী এইবাৰো কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হয় ।

টিকট নপোৱা ভট্টাচাৰ্য্য এতিয়া এক প্ৰকাৰ নিস্ক্ৰিয় হৈ আছে সমষ্টিত । উল্লেখযোগ্য যে তেজপুৰ -বৰছলা আদি সমষ্টিৰ উপৰিও বাকপটু এই নেতা গৰাকীয়ে কংগ্ৰেছৰ প্ৰচাৰ অভিযানত বিশেষ ভুমিকা পালন কৰাৰ অবকাশ আছিল । সেই ভুমিকা ৰহস্য জনক ভাবে পালন নকৰাত কাৰণ কি তাক লৈ এতিয়া চলিছে চৰ্চা ।

এক সুত্ৰ মতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কানতো পৰিছে তেনে অভিযোগ । সেয়েহে এই বিষয়টো পৰিক্ষা কৰাৰ উপৰিও সমষ্টি কেইটাত কংগ্ৰেছ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰৰ তদাৰকৰ বাবে ফৰ্যবেক্ষনৰ দায়িত্ব দিয়া হৈছে ৰাজ্যৰ বাহিৰৰ এগৰাকী নেতাক ।