বটদ্ৰৱা সমষ্টিৰ দলংঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি আঙুৰলতাৰ মনোনয়ন পত্ৰ দাখিল…

বটদ্ৰৱা সমষ্টিৰ দলংঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি আঙুৰলতাৰ মনোনয়ন পত্ৰ দাখিল…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা সমষ্টিৰ দলংঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি আঙুৰলতাৰ মনোনয়ন পত্ৰ দাখিল…

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰে । নাচি বাগি আনন্দ উল্লাস কৰি সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে দলংঘাটৰ বেলতলৰ পৰা নিজৰ সমষ্টিৰ মাজেৰে "আঙুৰলতা জিন্দাবাদ" "আকৌ এবাৰ মোদী চৰকাৰ" গীত ধ্বনিত নাচি বাগি হৰ্ষোল্লাস কৰি গৈ মনোনয়ন পত্ৰ দাখিল কৰে।

Advertisment

ৰেলীত বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা দলীয় কৰ্মী সমৰ্থক সকলে ব্যাপক আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। বটদ্ৰৱাৰ দৰে ঐতিহাসিক সমষ্টি এটাত শাসকীয় বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি বিজয় এশ শতাংশ নিশ্চিত বুলি আঙুৰলতা ডেকাই মন্তব্য কৰে।