বকোত অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা নাই ক্ষোভিত বিজেপি দলৰ নেতা-কৰ্মী…

বকোত অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা নাই ক্ষোভিত বিজেপি দলৰ নেতা-কৰ্মী…

author-image
asomiyapratidin
New Update
বকোত অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা নাই ক্ষোভিত বিজেপি দলৰ নেতা-কৰ্মী…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ ৪৮ নং বকো বিধান সভা সমষ্টিৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হিচাপে জ্যোতিপ্ৰসাদ দাসক প্ৰক্ষেপ কৰিছে। দুই লাখ তেত্ৰিশ হেজাৰ ভোটাৰ থকা অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত বকো বিধান সভা সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি ৰাজ্যিক বিজেপি দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দলীয় সভাত মুকলিকৈ ঘোষণা কৰিছিল যদিও অৱশেষত সমষ্টিটো বিজেপি দলৰ মিত্ৰজোঁটত থকা অসম গণ পৰিষদ দলে লাভ কৰিবলৈ সক্ষম হয় ।

Advertisment

ইয়াৰে পৰিণতিত অসম গণ পৰিষদ দলৰ জ্যোষ্ঠ নেতা জ্যোতিপ্ৰসাদ দাসে সমষ্টিটোত প্ৰাৰ্থীত্ব লাভ কৰিছে । অহা৬এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ ভোট দানত বকোত প্ৰাৰ্থীত্ব লাভ কৰা অগপ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ ভাগ্য নিৰ্ণয় হ'ব । উল্লেখযোগ্য যে অসম গণ পৰিষদ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ সৈতে আঞ্চলিক দল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিও একেলগে আছে ।

তিনিটাকৈ ৰাজনৈতিক দল মিত্ৰতাত থকাৰ বাবে প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ বিজয় নিশ্চিত হ'ব লাগে যদিও প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ পথ এতিয়ালৈকে মসৃণ বুলি ৰাজনৈতিক মহলত আলোচিত হৈছে। কেইবাটাও কাৰণত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টী আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উমৈহতীয়া প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ বিজয়ৰ পথ মসৃণ নহয় বুলি আলোচিত হৈছে।

ইয়াৰ ভিতৰত- ২০১৬ ৰ বিধান সভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত নিৰ্বাচনী বতাহ বলি থকাৰ লগতে এইবাৰৰ দৰে অগপ, বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি একেলগে থকাৰ পিছতো জ্যোতিপ্ৰসাদ দাসে জয় লাভ কৰিব নোৱাৰিলে । মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসক হৰুৱাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসে বিজয়ী হৈ বকো নিজৰ দখলত নিবলৈ সক্ষম হয়।

গতিকে বকোৰ একাংশ ভোটৰে ২০১৬বিধান সভা নিৰ্বাচনৰ ফলাফলৰ পুনৰাবৃত্তি হ'ব পাৰে বুলি ধৰণা কৰিছে । ইয়াৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বকোত বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছত বকোৰ বিজেপি দলৰ নেতা-কৰ্মী সকলে সেই আশা কৰিছিল।কিন্ত অগপ দলক সমষ্টিটো এৰি দিয়াৰ লগে লগে বিজেপি দলৰ নেতা-কৰ্মী সকলে ক্ষোভত ফাটি পৰে । বকোৰ বিজেপি দলৰ সেই ক্ষোভ এতিয়াও আছে ।

যাৰ বাবে প্ৰাৰ্থী হিচাপে জ্যোতিপ্ৰসাদ দাসক ঘোষণা কৰা পিছত বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে জ্যোতিপ্ৰসাদ দাসৰহৈ নিৰ্বাচনী প্ৰচাৰত নমা পৰিলক্ষিত হোৱা নাই। বকোত অসম গণ পৰিষদ দলৰ পৰাও আন দুগৰাকী নেতাই প্ৰাৰ্থীত্ব বিচাৰিছিল। সেইলৈ অগপ দলটোৰ নেতা-কৰ্মীৰ মাজতো ভাগ ভাগহৈ পৰে। জ্যোতিপ্ৰসাদ দাসে প্ৰাৰ্থীত্ব লাভ কৰাৰ লগে লগে ভাগ ভাগ হৈ পৰা অগপ দলৰো নেতা-কৰ্মী সকল এতিয়ালৈকে একত্ৰিত হোৱা নাই আৰু নিৰ্বাচনী প্ৰচাৰত নমা পৰিলক্ষিত হোৱা নাই।

অগপ, বিজেপি দলৰ লগতে মিত্ৰতাত থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়েও প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা নাই। নিৰ্বাচনলৈ মাথোঁন এমাহ বাকী । আলোচিত হৈ থকা ধৰণে এই মুহূৰ্তত বকোৰ ৰাজনৈতিক পৰিবেশ এনে ৰূপত থকিলে বকোত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ বিজয়ৰ পথ মসৃণহৈ থকা নাই বুলি ক'ব পাৰি।