জোনাই বিজেপি-কংগ্ৰেছ কৰ্মীৰ হতাহতি…

জোনাই বিজেপি-কংগ্ৰেছ কৰ্মীৰ হতাহতি…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল সংবাদ, জোনাইঃ জোনাই বিধানসভা সমষ্টিত শনিবাৰে ভোটদান চলি থকাৰ সময়তে ৰিগিঙক কেন্দ্ৰ কৰি বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত এক আক্ৰমণৰ ঘটনা সংঘটিত হয়। সমষ্টিটোৰ অমৰপুৰ প্ৰাথমিক বিদ্যালয় ৬৯ নং ভোটগ্ৰহণ কেন্দ্ৰত এই ঘটনা সংঘটিত হয়। ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আহত তিনিজন লোককে জোনাই অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰা হয়।

Advertisment

জানিব পৰা মতে, ভোটগ্ৰহণ কেন্দ্ৰটোত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৰাজা ওৰফে নৰেশ পেগু আৰু গনেশ পেগুৱে ৰিগিং কৰিব বিচৰাত কংগ্ৰেছৰ পুলিং এজেণ্টজনে বাধা দিয়াত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ মাজতে ঘটনাস্থলীত উপস্থিত থকা কংগ্ৰেছৰ প'লিং এজেণ্টজনৰ ভাতৃ তথা পূব জোনাইৰ মণ্ডল যুৱ মৰ্চাৰ উপ-সভাপতি খদ্দৰ সিং দলেয়ে ককায়েকক বচাব যাওঁতে ৰিগিং কৰিব অহা নৰেশ পেগু আৰু গনেশ পেগুৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

বিজেপি কৰ্মী খদ্দৰসিং দলেৰ চোকা কটাৰীৰে কৰা আক্ৰমণত ৰাজা ওৰফে নৰেশ পেগু আৰু গনেশ পেগু মূৰ আৰু ডিঙিত আঘাত পাই গুৰুত্বৰভাৱে আহত হয়। ইপিনে ঘটনাটোত বাঁহৰ লাঠিৰ দ্বাৰা প্ৰহাৰ কৰাত খদ্দৰসিং দলেও মূৰত আঘাত পাই গুৰুত্বৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।