বিহপুৰীয়াত পঞ্চায়তে পঞ্চায়তে প্ৰচাৰত নামিছে অমিয় কুমাৰ ভূঞা…

বিহপুৰীয়াত পঞ্চায়তে পঞ্চায়তে প্ৰচাৰত নামিছে অমিয় কুমাৰ ভূঞা…

author-image
asomiyapratidin
New Update
বিহপুৰীয়াত পঞ্চায়তে পঞ্চায়তে প্ৰচাৰত নামিছে অমিয় কুমাৰ ভূঞা…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । ইতিমধ্যে ৰাজ্যখনৰ চৌদিশে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহে । সমান্তৰালকৈ ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিটো ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলা পৰিলক্ষিত হৈছে ।

Advertisment

সমষ্টিটোত বিজেপি দলে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে দলীয় সমৰ্থক সকলক লগত লৈ প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি প্ৰাৰ্থী অমিয় কুমাৰ ভূঞা । বিহপুৰীয়া সমষ্টিত এইবাৰ অমিয় কুমাৰ ভূঞা লক্ষাধিক ভোটত জয়ী হ'ব । ইতিমধ্যে সমষ্টিবাসী ৰাইজে বিশাল ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলি দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।

শুক্ৰবাৰে নাৰায়ণপুৰত দলটোৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীয়ে । প্ৰাৰ্থী গৰাকীয়ে ফিটা কাটি কাৰ্যালয়টোৰ মুকলি কৰাৰ পিছতে দলৰ জ্যেষ্ঠ নেতা ৰাতুল দত্তই বন্তিপ্ৰজ্বল কৰে । ইয়াৰ পিছতে কাৰ্যালয় কক্ষতে অনুস্থিত হোৱা এখন দলীয় সভাত প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞা কংগ্ৰেছ-এজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।

শতাধিক দলীয় সমৰ্থকে অংশগ্ৰহণ কৰা আৰু বিহপুৰীয়া সমষ্টি নিৰ্বাচনী সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু কুমাৰ দেউৰীয়ে আঁতধৰা সভাখনত সমষ্টি নিৰ্বাচনী সমিতিৰ সভাপতি বীৰেন ভাগৱতী,অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা সমষ্টি নিৰ্বাচনী সমিতিৰ কাৰ্যকৰী সভাপতি কেশৰাম বৰা,জ্যেষ্ঠ বিজেপি নেতা হৰিশ চন্দক,কোষেশ্বৰ শইকীয়া,দীপক সৰকাৰ প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত থাকে ।