নামঘৰত সেৱা লৈ মনোনয়ন দাখিলৰ বাবে যাত্ৰা অমীয় কুমাৰ ভূঞাৰ…

নামঘৰত সেৱা লৈ মনোনয়ন দাখিলৰ বাবে যাত্ৰা অমীয় কুমাৰ ভূঞাৰ…

author-image
asomiyapratidin
New Update
নামঘৰত সেৱা লৈ মনোনয়ন দাখিলৰ বাবে যাত্ৰা অমীয় কুমাৰ ভূঞাৰ…

ডিজিটেল সংবাদ,নাৰায়নপুৰ : নাৰায়ণপুৰৰ নগঞা নামঘৰত সেৱা লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হৈছে বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ড.অমীয় কুমাৰ ভূঞা । পত্নী আৰু দলীয়-নেতা কৰ্মী সকলক লগত লৈ সদলবলে আগবঢ়া প্ৰাৰ্থীগৰাকীক সংগ দিছে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনী শৰ্মা আৰু সমষ্টিটোৰ প্ৰাৰ্থিত্ব বঞ্চিত নেতাসকলে ৷ দুপৰীয়াৰ ভাগত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থীগৰাকীয়ে ৷

Advertisment

মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থী গৰাকীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও সংগ দিয়াৰ কথা । আনহাতে নামঘৰত সেৱা জনাই ভকত-বৈষ্ণৱৰ সন্মুখতে দলীয় কৰ্মীসকলে বিজেপি জিন্দাবাদ ধ্বনিৰ লগতে অমীয় কুমাৰ ভূঞা জিন্দাবাদ,সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, হিমন্তবিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়ে ৷