/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/2-13.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পশ্চিম বংগৰ নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে, মমতা দিদি এতিয়া নিৰুৎসাহিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ'ল- পশ্চিম বংগৰ ৫ টা পৰ্যায়ৰ ভোট গ্ৰহণ ১২২ খন আসন আগবাঢ়ি আছে। এই কথা মমতা বেনাৰ্জীয়ে অনুমান কৰিব পাৰি এতিয়া নিৰুৎসাহী হৈছে।
উল্লেখ্য যে, পশ্চিম বংগত মুঠ ৮ টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ৫ টা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায়। অহা ২২ এপ্ৰিলত ষষ্ঠ, ২৬ এপ্ৰিলত সপ্তম আৰু ২৯ এপ্ৰিলত অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।