মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰ,ৰাইজৰ দলৰ কৰ্মীৰ মাজত ক্ষোভ…

মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰ,ৰাইজৰ দলৰ কৰ্মীৰ মাজত ক্ষোভ…

author-image
asomiyapratidin
New Update
মৰিয়নি সমষ্টিৰ পৰা অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰ,ৰাইজৰ দলৰ কৰ্মীৰ মাজত ক্ষোভ…

ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৃহ সমষ্টি মৰিয়নিৰ পৰা প্ৰাৰ্থীত্বৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব বুলি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰা পাছতে সমষ্টিতোৰ ৰাইজৰ দলৰ কৰ্মী আৰু সমৰ্থক সকলে এই সিধান্ত মানি লবলৈ নিবিচৰা লগতে কৰ্মী সকলৰ মাজত ক্ষোভৰ উদগৰিন হৈছে। অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ কৰ্মী আৰু সমৰ্থক সকলে।

Advertisment

দীৰ্ঘ দিনৰ মুৰত মৰিয়নি সমষ্টিৰ ৰাইজে এজন যোগ্য প্ৰাৰ্থী লাভ কৰি অখিল গগৈক বিপুল ভোটত জয়ী কৰাৰ পন লোৱা সমৰ্থক সকলক এই সিধান্তই মৰ্মাহত কৰি তোলা বুলি ক্ষোভ প্ৰকাশ কৰে। আনহাতে মৰিয়নি সমষ্টিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰিলে ৰাইজৰ দল ত্যাগ কৰি অখিল গগৈক বৰ্জন কৰা হ'ব বুলিও হুংকাৰ দিয়ে ৰাইজৰ দলৰ কৰ্মীসকলে।