অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ তুংগত,জাগীৰোডৰ পৰাও ৮ জনীয়া দল এটা ৰাওনা…

অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ তুংগত,জাগীৰোডৰ পৰাও ৮ জনীয়া দল এটা ৰাওনা…

author-image
asomiyapratidin
New Update
অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ তুংগত,জাগীৰোডৰ পৰাও ৮ জনীয়া দল এটা ৰাওনা…

ডিজিটেল সংবাদ,মায়ং : শিৱসাগৰ বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।সকলোৰে দৃষ্টি নিবদ্ধ এইবাৰ শিৱসাগৰ সমষ্টিত।কাৰণ এইবাৰ শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সংগ্ৰামী নেতা অখিল গগৈয়ে।অখিল গগৈ নিৰ্বাচনত জিকিব বুলি বহুতেই ইতিমধ্যে ভৱিষ্যত বাণী কৰিছে।সামাজিক মাধ্যম টো ব্যাপক প্ৰচাৰ চলিছে।

Advertisment

অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ গাঁৱে ভুয়ে চলিছে।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অখিলক ভাল পোৱা বহু লোক শিৱসাগৰ লৈ গৈছে নিজৰ খৰছেৰে প্ৰচাৰ চলাবলৈ।একেদৰে আজি কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাওনা হৈছে জাগীৰোডৰ পৰাও এটা সজাতি দল।যি সকলৰ মাজত আছে জাতীয়তাবাদী শিবিৰৰ লোক,কৃষক সংগঠনৰ লোক আৰু বিভিন্ন ক্ষেত্ৰৰ মুঠ ৮ গৰাকী ।ইতিমধ্যে জাগীৰোডৰ পৰা যাত্ৰা আৰম্ভ কৰিছে দলটোৱে।

শিৱসাগৰ সমষ্টিৰ গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ চলাব প্ৰচাৰ বুলি জানিবলৈ দিয়ে দলটোৱে।মুঠতে অখিল গগৈ ক জিকাই দিছপুৰ লৈ পঠাব লাগে।তেওঁলোকৰ মতে অখিল গগৈ অসমৰ এটা সম্পদ।এটা বলিষ্ঠ কণ্ঠ।সেয়ে ৰাইজৰ হকে মাত মাতিবলৈ আৰু বৃহত্তৰ অসমীয়া জাতিটোৰ স্বাৰ্থত অখিল গগৈক দিছপুৰলৈ পঠোৱাতো অত্যন্ত দৰকাৰ বুলি ভাবি সজাতি দলটো শিৱসাগৰ লৈ ৰাওনা হৈছে।