/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/AJIT-KUMAR-BHUYA.jpg)
ডিজিটেল সংবাদ বান্দৰদেৱা : বিহপুৰীয়া সমষ্টিৰ বৰবালিত বুধবাৰে ভূপেন বৰাৰ হৈ প্ৰচাৰ চলালে অজিত কুমাৰ ভূঞাই।বিজেপি চৰকাৰ সৰ্বানন্দ সোনোৱাল হিমন্ত বিশ্বৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা অজিত ভূঞাই ৰাইজক বিজেপিৰ দিছপুৰ দখলৰ সকলো অভিসন্ধি ওফৰাই কংগ্ৰেছক শাসনলৈ আনিবৰ বাবে আহ্বান জনায়।
মূখৰ পৰা অনবৰত মোগল আজমলৰ মিঞা আদি শব্দ নুগুচা হিমন্ত বিশ্বৰ শেহতীয়া কবিতা আবৃত্তিক লৈয়ো সোচ্ছাৰ হয় অজিত ভূঞা।পথালি পাহাৰৰ পৰা ঢোলে দগৰে ৰেলীৰে আদৰি অনা অজিত ভূঞাই আজি সমষ্টিটোত চাৰিখন নিৰ্বাচনী সভাত ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়।দেবানন্দ হাজৰিকাক মেৰুদণ্ডহীন বুলি অভিহিত কৰা অজিত ভূঞাই কংগ্ৰেছৰ চৰকাৰ হলে শিক্ষামন্ত্ৰীৰ দৰে দায়িত্ব লাভ কৰা উচিত বুলিও মন্তব্য প্ৰকাশ কৰে।