/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/AIUDF.jpg)
ডিজিটেল সংবাদ,মোৰাঝাৰ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যমুনামুখৰ আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰি একপ্ৰকাৰৰ চমক সৃষ্টি কৰিছে এই আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে।
ৰবিবাৰে যমুনামুখ সমষ্টিৰ প্ৰাণকেন্দ্ৰ মোৰাঝাৰত মোৰাঝাৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল।২০০৬ চনৰ পৰা আজমলৰ দখলত থকা যমুনামুখ সমষ্টিত এইবাৰ কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজ উদ্দিন আজমল।
আজমলৰ গৃহ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টিত বৰ্তমানৰ বিধায়ক আজমল তনয় আব্দুৰ ৰহিম আজমলক টিকট নিদি বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজ উদ্দিন আজমলক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। উল্লেখ্য যে বিগত দিনত বিধায়ক আব্দুৰ ৰহিম আজমল ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছিল। সমষ্টিৰ ৰাইজে বিভিন্ন ঠাইত বিধায়ক আব্দুৰ ৰহিম আজমলক ক'লা পতাকা দেখুৱাইছিল।
সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱাৰ লগতে সমষ্টিত মনোনয়ন দি বিদেশত নিজৰ ব্যৱসায়ত ব্যস্ত হৈ থকাৰ ফলত বিধানসভাৰ অধিবেশনৰ সময়তো উপস্থিত থাকিব পৰা নাছিল। এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বৰঘৰ খ্যাত যমুনামুখ সমষ্টি নিজৰ দখলত ৰাখিবৰ বাবে পুত্ৰ আব্দুৰ ৰহিম আজমলক আতৰাই ভাতৃ ছিৰাজ উদ্দিন আজমলক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে থিয় কৰায়।
দেওবাৰৰ সভাত এআইইউডিএফৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জেহিৰুল ইছলাম উপস্থিত থাকি নিজৰ ভাষণত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, বদৰুদ্দিন আজমল অসমৰ লাঞ্চিত বঞ্চিত জনসাধাৰণৰ কণ্ঠ। বদৰুদ্দিন আজমলে আজিজ খান জিন্দাবাদ দিলে বিজেপিয়ে পাকিস্তান জিন্দাবাদ দিয়া বুলি কয়, বিজেপিৰ উদ্দ্যেশ্য এটাই অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, আজমলে কেতিয়াও ধৰ্মৰ নামত ৰাজনীতি নকৰে বুলি কয়।
নিৰ্বাচনী সভাত সমৱেত প্ৰায় ৫ হেজাৰ লোকৰ উপস্থিতিত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে নিজৰ ভাষণত উল্লেখ কৰে যে,অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হ'ব আৰু যমুনামুখৰ পৰা ভাতৃ ছিৰাজ উদ্দিন আজমল ১লাখ ভোটৰ ব্যৱধানত জয়ী হব আৰু মিত্ৰজোঁটৰ চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী হ'ব।অসমত মিত্ৰজোঁটৰ চৰকাৰৰ গঠন হোৱাৰ লগে লগে অসমৰ যিমান টলগেট আছে সকলো একেলগে বন্ধ কৰিব। বিজেপি চৰকাৰে বন্ধ কৰা চৰকাৰী মাদ্ৰাছা সমুহ চৰকাৰ গঠন হোৱাৰ পিছত মাদ্ৰাছা সমুহ খোলাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে ৰাইজৰ দল আৰু অজাপ বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে বুলিও নিজৰ ভাষণত উল্লেখ কৰে।
এইবেলিও ছিৰাজ উদ্দিন আজমল বহু ভোটৰ ব্যৱধানত জয়ী হৈ মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী হ'ব বুলি আশা প্ৰকাশ কৰে। সভাত উপস্থিত থাকে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল, প্ৰাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছা, এআইইউডিএফ দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জেহিৰুল ইছলাম, লগতে ৯০ং যমুনামুখ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছিৰাজ উদ্দিন আজমল, কংগ্ৰেছ নেতা ক্ৰমে, ৰেহান উদ্দিন, বসিৰ লস্কৰ, মাহমদ হুছেইন, কামাল ফাৰুকী, ৰেজিয়া চুলতানা, চিপিআই নেতা ফৰিজ উদ্দিন চৌধুৰী সহ মিত্ৰজোঁটৰ নেতৃস্থানীয় ব্যক্তি সকল।
ইফালে ৰাইজৰ দলৰ যমুনামুখ সমষ্টিৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীয়ে ও সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে। আজি যমুনামুখ সমষ্টিৰ জয়নগৰ, কপাহবাৰী, মোৰাঝাৰত ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। দিলোৱাৰা বেগম চৌধুৰী যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ কন্যা।
ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে নিজৰ ভাষণত কয়, যমুনামুখ সমষ্টিৰ পৰা আজমল পৰিয়ালক চিৰ বিদায় দি সমষ্টিৰ পৰা নমিনি ৰাজ মুক্ত কৰিব লাগে। যমুনামুখত এইবাৰ খেজুৰ আৰু কম্বলৰ ৰাজনীতি নচলিব। বদৰুদ্দিন আজমলে উন্নয়নৰ প্ৰতিশ্ৰুতি নিদি যোৱা ১৫ বছৰৰ হিচাপ দিয়ক যমুনামুখ বাসিক।আজমল পৰিয়ালে যমুনাখ ভাষিক প্ৰতাৰণা কৰি আহিছে। উল্লেখ্য যে যমুনামুখত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছিৰাজ উদ্দিন আজমল আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব বুলি ধাৰণা কৰা হৈছে।