জাবেদ ইছলামক ভোট নিদিলে আল্লাই মাফ নকৰিব : অতুল বৰা

জাবেদ ইছলামক ভোট নিদিলে আল্লাই মাফ নকৰিব : অতুল বৰা

author-image
asomiyapratidin
New Update
জাবেদ ইছলামক ভোট নিদিলে আল্লাই মাফ নকৰিব : অতুল বৰা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কাকৰিপাৰাত অগপৰ এক বিশাল নিৰ্বাচনী সভাত হেলিকপ্টাৰেৰে অগপৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্ত আহি জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলায়।

Advertisment

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে নামনি অসমৰ ৰাজনীতি সিমানেই এতিয়া গৰম হৈ উঠিছে। মিত্ৰজোটৰ সমৰ্থিত তথা অগপৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ শুকুৰবাৰে বিয়লি প্ৰায় ২.৩০ বজাত মানকাচৰৰ কাকৰিপাৰাত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে।

প্ৰায় তিনি সহস্ৰাধিক লোকৰ উপস্থিতি অনুষ্ঠিত এই সভাখনত বিজেপিৰ জেষ্ঠ নেতা আব্দুছ ছালাম শ্বাহ, অগপৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, মন্ত্ৰী কেশৱ মহন্ত আৰু অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ভাষণ দি জাবেদ ইছলামক মানকাচৰৰ পৰা জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।

সভাখনত মন্ত্ৰী কেশৱ মহন্ত কয় এইবাৰ অসমত পুনৰ অগপ বিজেপিৰ মিত্ৰজোটৰ চৰকাৰ হোৱাটো ১১০ শতাংশ নিশ্চিত। আনহাতে তেওঁ আৰু কয় এইবাৰ চৰকাৰ আহিলে অসমৰ প্ৰতি গৰাকী মহিলাক অৰুনোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৩০০০ কৈ টকা দিয়া হব। একেদৰে যিসকল লোকে বন্ধন বেংক বা মাইক্ৰফাইনেচৰ পৰা ঋণ লৈছিল তেওঁলোকৰ ঋণ চৰকাৰে মাফ কৰাই দিব।

ইফালে সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই জাবেদ ইছলামক ভোট দিবলৈ আহ্বান জনাই সভা খনত উপস্থিত ৰাইজক আল্লাহৰ নামত ভোট দিবলৈ শপত কৰায়। জাবেদ ইছলামক ভোট নিদিলে আল্লাই মাফ নকৰিব আৰু স্বৰ্গ নাপাব বুলিও তেওঁ মন্তব্য কৰে।

জাবেদ ইছলামৰ এই নিৰ্বাচনী সভা সমাপ্ত হোৱাৰ পাছত মন্ত্ৰী দুগৰাকী বিয়লি প্ৰায় তিনি বজাত হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ ৰাওনা হয়।মন কৰিবলগীয়া যে মন্ত্ৰী অতুল বৰা সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাইজৰ বিপুল সঁহাৰিয়ে জাবেদ ইছলামৰ জয় নিশ্চিত বুলিও দাবী কৰে। ইফালে মন্ত্ৰী পিয়ুষ হাজৰিকা সাংবাদিকক ভাবুকি দিয়া সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত অতুল বৰা কোনো উত্তৰ নিদিয়াকৈ হেলিকপ্টাৰত উঠি গুৱাহাটীলৈ ৰাওনা হয়।