অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক নাঁওবৈছাত বিপুল আদৰণি…

অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক নাঁওবৈছাত বিপুল আদৰণি…

author-image
asomiyapratidin
New Update
অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক নাঁওবৈছাত বিপুল আদৰণি…

ডিজিটেল সংবাদ,বান্দৰদেৱা : নিশা এপৰলৈকে উত্তাল হৈ থাকিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।আঞ্চলিকতাবাদী শক্তিৰ শ্লোগানত টিকট লৈ সমষ্টিত প্ৰবেশ কৰা প্ৰাৰ্থীয়ে প্ৰথম দিনটোতে কঁপালে বিৰোধী শিবিৰৰ ভেঁটি।নাঁওবৈছা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক হাজাৰোধিক সমৰ্থকে যোৱা নিশা জিলাখনৰ হাৱাজানৰ পৰা ঢোলে দগৰে আদৰি আনে সমষ্টিলৈ।

Advertisment

শ শ মটৰ চাইকেল সৰু বৰ যান বাহনেৰে আদৰি আনোতে সমষ্টিৰ ঠায়ে ঠায়ে আঞ্চলিকতাবাদী শিবিৰৰ ৰাইজে উষ্ম আদৰনি জনায়।নাঁওবৈছাত এইবাৰ অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে বিৰোধী শিবিৰক বাৰুকৈয়ে শলঠেকত পেলোৱাটো প্ৰায় নিশ্চিত।