বঢ়মপুৰ সমষ্টিত এদিনতে ডেৰ শতাধিক অগপ-বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান…

বঢ়মপুৰ সমষ্টিত এদিনতে ডেৰ শতাধিক অগপ-বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান…

author-image
asomiyapratidin
New Update
বঢ়মপুৰ সমষ্টিত এদিনতে ডেৰ শতাধিক অগপ-বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান…

ডিজিটেল সংবাদ, বঢ়মপুৰ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত নগাঁও জিলাৰ ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিটো এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ কৰি তুলিছে । বঢ়মপুৰ সমষ্টিৰ প্রান্তে প্রান্তে প্ৰতিটো ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থীসকলে সমষ্টিবাসী ৰাইজৰ অন্তৰ জয় কৰি নির্বাচনী বৈতৰণী পাৰ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে । ঠিক তেনেদৰে ৰাইজৰ মন জয়ী কৰি তেওঁলোকৰ বহুমূলীয়া ভোট নিজৰ সপক্ষে নিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাই ।

Advertisment

উল্লেখ্য যে , অগপৰ দুৰ্গ হিচাপে খ্যাত তথা বিগত ৩৫ বছৰ কাল অগপৰ প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা উক্ত সমষ্টিটোত ২০১১ চনৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি দুবাৰকৈ পৰাজয়বৰণ কৰা সুৰেশ বৰাই এইবেলিও তৃতীয়বাৰৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । দুবাৰকৈ পৰাজয়বৰণ কৰাৰ পাছতো পৰাজয়ক প্ৰত্যাহ্বান হিচাপে লৈ বঢ়মপুৰত সুৰেশ বৰাই কংগ্ৰেছৰ ভেঁটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছিল ।

ৰাইজৰ দুখ-দুৰ্দশা তথা দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত সততে দেখিবলৈ পোৱা সুৰেশ বৰাই ইতিমধ্যে সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অভিযান চলাই নিজৰ সাংগঠনিক ভেঁটি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে । এনে সময়তে আজি সমষ্টিটোৰ বঢ়মপুৰত মুখ্য নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি দিয়া ভাষণ প্ৰসংগত কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই ৰাইজক উদ্দেশ্যি কয় – এইবাৰ নিৰ্বাচন আগৰ দৰে একেই নহয় , এইবাৰৰ নিৰ্বাচনত অসমীয়া ভাষা আৰু জাতিৰ ভৱিষ্যত জড়িত হৈ আছে ।

বিজেপিয়ে আমাক আজিৰ পৰা ৫ বছৰ পূৰ্বে দিয়া সকলোবোৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে কি দিলে , একো নিদিলে , মাত্ৰ আমাক "কা " দিলে । আমি শিল্পীৰ পৰা বুদ্ধিজীৱীলৈকে সকলোৱে আমি এই জাতিধ্বংসকাৰী "কা"ৰ বিৰোধিতা কৰিছিলো যদিও বিজেপিয়ে আমাৰ কাৰো কথা নুশুনিলে বৰঞ্চ বাংলাদেশীক বৰপীৰা পাৰি দিলে । যাৰ ফলত আমাৰ এতিয়া জাতি আৰু ভাষা সকলো সংকটত ।
গতিকে আমাক এতিয়া অসমীয়া ভাষা লাগেনে, জাতি লাগেনে , নে ৮৩০ টকা লাগে আপোনালোকে নিজে নিৰ্ণয় কৰিব ।

আমাক অসমীয়া ভাষা আৰু জাতি লাগে বুলি কৈ তেওঁ অহা ১ তাৰিখে ৰাইজক শুদ্ধ সিদ্ধান্ত লৈ খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰি "কা " বাতিল কৰাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় । তেওঁ এইবাৰ নিৰ্বাচনত মহাজোঁটে ভাল প্ৰদর্শন কৰি চৰকাৰ গঠন কৰিব বুলিও উল্লেখ কৰে । উল্লেখ্য যে , আজি বঢ়মপুৰ সমষ্টিৰ বামুণী , বৰবাৰী , বালিজুৰি , চাপানালা আদি অঞ্চলত অনুষ্ঠিত সুৰেশ বৰাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় ডেৰশতাধিক অগপ-বিজেপি দলৰ সক্ৰিয় কৰ্মীয়ে নেতাগৰাকীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে ।

ইফালে আজি সমষ্টিটোৰ হালোৱাগাঁও , ভেৰভেৰী , আৰু দেউৰীগাঁৱত সমষ্টিটোৰ বিজেপিৰ নিৰ্বাচনী ব্যৱস্থা প্ৰমুখ যুগল শৰ্মাৰ উপস্থিতিত আৰু দলটোৰ বহু নেতা- কৰ্মীৰ সহযোগত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে আৰু অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।