মহানগৰীৰ ৪ সমষ্টিত কাইলৈ ভোটগ্ৰহণঃ সাজু হৈছে জিলা প্ৰশাসন

মহানগৰীৰ ৪ সমষ্টিত কাইলৈ ভোটগ্ৰহণঃ সাজু হৈছে জিলা প্ৰশাসন

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল ডেস্কঃ ৬ এপ্ৰিলত এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মহানগৰীৰ ৪ সমষ্টিৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। জালুকবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

Advertisment

উল্লেখ্য যে, ৪ সমষ্টিত মুঠ ১৭০৭ টা ভোট কেন্দ্ৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ভোট কেন্দ্ৰ সমূহত নিয়োজিত হ'বলগীয়া প'লিং আৰু পিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈছে। এই মহানগৰীৰ ৪ সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৯২২৪ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে।

ইয়াৰ উপৰিও সাধাৰণ জনতাই যাতে ভোট প্ৰদান কৰিবলৈ অহাৰ সময়ত কোনো ধৰমর সংশয় ভাৱ ৰাখি আহিব নালাগে তাৰ বাবে জিলা প্ৰশাসনে নিৰপত্তাৰক্ষীৰ পৰা আদি কৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশাসনে জনায়।

লগতে ভোট গ্ৰহণৰ সকল ক্ষেত্ৰত নিৰ্বাচনৰ নিৰ্দেশনা অনুসৰি সকলোৱে কভিড প্ৰট'কল মানি চলিব লাগিব। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জনোৱা অনুসৰি মহানগৰীৰ ৪ সমষ্টিৰ ৮০ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী বিষয়াই ভোটগ্ৰহণ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে।

জানিব পৰা মতে, ৪ সমষ্টিৰ মুঠ ১৭০৭ ভোটকেন্দ্ৰৰ ভিতৰত মহানগৰ এলেকাত ১১৭০ আৰু গ্ৰামাঞ্চলত ৫৩৭ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। জালুবাৰী সমষ্টিৰ মহানগৰ এলেকাত ৭৯ টা আৰু গ্ৰামাঞ্চলত ২১৪ টা অৰ্থাৎ মুঠ ২৯৭ টা ভোট গ্ৰহণকেন্দ্ৰ স্থাপন কৰা হৈছে। দিছপুৰ সমষ্টিৰ মহানগৰ অঞ্চলত ৪০৬টা আৰু গ্ৰামাঞ্চলত ২০১ টা অৰ্থাৎ মুঠ ৬০৭ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। পূব গুৱাহাটী সমষ্টিৰ মহানগৰ এলেকাত ৩৫৩ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে, পশ্চিম গুৱাহাটী সমষ্টিৰ মহানগৰ এলেকাত ৩৩২ টা আৰু গ্ৰামাঞ্চলত ১১৮ টা অৰ্থাৎ মুঠ ৪৫০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

জানিব পৰা মতে, প্ৰশাসনে জালুকবাৰী সমষ্টিৰ ২৬ টা, দিছপুৰ সমষ্টিৰ ৯ টা , পূব গুৱাহাটী সমষ্টিৰ ২ টা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৩০ টা ভোট গ্ৰহণ কেন্দ্ৰক জটিল ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰি কেন্দ্ৰ কেইটাত সম্পূৰ্ণ নিৰীক্ষণত ৰখাৰ বাবে একোজনকৈ মাইক্ৰ' অৱজাভাৰ(পৰ্যবেক্ষক) নিয়োগ কৰা হ'ব। এই পৰ্যেবক্ষকসকলে প্ৰত্যক্ষ ভাৱে কেন্দ্ৰসমূহত পৰ্যবেক্ষণ কৰিব।