প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ বোকাখাত সমষ্টিত ভোটগ্ৰহন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে প্ৰশাসন…

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ বোকাখাত সমষ্টিত ভোটগ্ৰহন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে প্ৰশাসন…

author-image
asomiyapratidin
New Update
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ…

ডিজিটেল সংবাদ, বোকাখাত : বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ আধীনত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত অহা ২৭ মাৰ্চত হ'ব লগীয়া ভোটগ্ৰহণৰ বাবে বােকাখাত মহকুমা প্রশাসনে সকলোধৰণৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যেই সম্পূর্ণ কৰি তুলিছে। প্রিজাইডিং আৰু পুলিং বিষয়া আৰু মাইক্র অবজাৰভাৰ সকলৰ প্রশিক্ষণ প্রদান কার্য ইতিমধ্যে সম্পূর্ণ কৰা হৈছে ।

Advertisment

বােকাখাত নিৰ্বাচনী জিলাৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রৰ বাবে ১৭ টা চেক্টৰত বিভক্ত কৰি ১৭ গৰাকী চেক্টৰ বিষয়াক দায়িত্ব দিয়াৰ লগতে লহৰে চাপৰিত ১ গৰাকী চাব-চেক্টৰ বিষয়াক নিযুক্তি দিয়া হৈছে । তদুপৰি বােকাখাত নির্বাচনী জিলাৰ বাবে ২৩৮ গৰাকী প্রিজাইডিং, ৭১৪ গৰাকী পুলিং বিষয়া আৰু ২৪ গৰাকী মাইক্র অবজাৰভাৰ নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে, বােকাখাত নিৰ্বাচনী জিলাত ২৬ টা ভােট গ্রহণ কেন্দ্র কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব । তদুপৰি ২ টা ভােট গ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভােট গ্রহণ কেন্দ্র দুটা মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰা হৈছে।বােকাখাত নিৰ্বাচনী জিলাৰ বিভিন্ন ভােট গ্রহণ কেন্দ্ৰত বিষয়া-কৰ্মচাৰীসকল উপস্থিত হ'বৰ বাবে অধিগ্রহণ কৰা হৈছে সৰু-বৰ প্রায় ২৫০ খন বাহন।

আনহাতে এইবাৰ নিৰ্বাচনত ই.ভি.এমৰ লগত নতুনকৈ সংযোজন হোৱা ভি.ভি.পেট সম্পর্কতাে বােকাখাত নিবার্চনী জিলাৰ অন্তর্গত বিভিন্ন এলেকাত সজাগতা সভা অনুষ্ঠিত কৰি ভােটাৰ ৰাইজক প্রশিক্ষণ প্রদান কৰা হৈছে । ২৬ মার্চ, ২০২১ তাৰিখে পুৱা ৮-০০ বজাৰ পৰা বিভিন্ন ভােট গ্রহণ কেন্দ্রলৈ যাবলগীয়া প্রিজাইডিং আৰু পুলিং বিষয়া সকলক নিৰ্বাচনৰ সা-সামগ্রী মহকুমাধিপতি কাযালয় চৌহদত বিতৰণ কৰা হ'ব ।

সংশ্লিষ্ট সকলাে বিষয়া কর্মচাৰীকে নিদিষ্ট সময়ত নিৰ্বাচনৰ সা-সামগ্রী সমূহ গ্রহণ কৰি নিজ নিজ ভােট গ্রহণ কেন্দ্রলৈ যাবৰ বাবে মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাসে আহ্বান জনােৱাৰ লগতে নিৰ্বাচনৰ কামত নিয়ােজিত প্রত্যেক গৰাকী বিষয়া- কমৰ্চাৰীকে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে।

মহকুমা তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিয়া মতে ৯ মার্চত প্রকাশ পােৱা ২০২১ চনৰ চুড়ান্ত ভোটাৰ তালিকা অনুসৰি বােকাখাত নির্বাচনী জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১.৪৭,৪৮৭। ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ৭৩৭৯৮ গৰাকী, মহিলা ভােটাৰৰ সংখ্যা হৈছে ৭৩৬৮৬ তাৰু তৃতীয় লিংগৰ ভােটাৰ হৈছে ৩ গৰাকী ।