সৰুক্ষেত্ৰীত স্বামীৰ হৈ প্ৰচাৰত নামিল অভিনেত্ৰী তেহচিন আখতাৰ

সৰুক্ষেত্ৰীত স্বামীৰ হৈ প্ৰচাৰত নামিল অভিনেত্ৰী তেহচিন আখতাৰ

ডিজিটেল সংবাদ,চেঙাঃ ক্ৰমান্বয়ে গৰম হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনৈতিক বতাহ ।প্ৰতিটো ৰাজনৈতিক দলে চলাইছে প্ৰচাৰ অভিযান। সৰুক্ষেত্ৰী সমষ্টিত তুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ১৮ মাৰ্চত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকেৰে বিশাল সমদল কৰি মনোনয়ন দাখিল কৰিছিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে।

জাকিৰ হুছেইন শিকদাৰে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত ১৪মাৰ্চত কেইবা সহস্ৰাধিক কৰ্মী-সমৰ্থকে বৃহৎ ৰেলীৰে সৰুক্ষেত্ৰী সমষ্টিলৈ জাকিৰ হুছেইন শিকদাৰক আদৰণী জনোৱা আৰু ১৮ মাৰ্চৰ সমদলেৰে সৰুক্ষেত্ৰী সমষ্টিত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে জাকিৰ হুছেইন শিকদাৰে।

ইয়াৰ পিছতো জাকিৰ হুছেইন শিকদাৰকে ধৰি কৰ্মী -সমৰ্থকে সমষ্টিত চলাই গৈছে নিৰন্তৰ প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ পৰা বিৰত থকা নাই বিধায়ক গৰাকীৰ পত্নী তথা অভিনেত্ৰী তেহচিন আখতাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী তথা স্বামী জাকিৰ হুছেইন শিকদাৰৰ বাবে ঘৰে ঘৰে, পদূলিয়ে পদূলিয়ে গৈ প্ৰচাৰ চলাইছে অভিনেত্ৰী তেহচিন আখতাৰে।

মংগলবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ সৰুক্ষেত্ৰী মৌজাৰ কেইবাখনো গাঁৱত পদযাত্ৰা আৰু পদূলিয়ে পদূলিয়ে গৈ প্ৰচাৰ চলায় তেহচিন আখতাৰে। সমষ্টিটোৰ কুকাৰপাৰ, পশ্চিম মাজদিয়া, মাজদিয়া, চতলাত উপস্থিত হৈ তেহচিন আখতাৰে মহিলাসকলৰ লগত মত-বিনিময় কৰে। যোৱা কেইদিনতো ভকুৱাটেপা, বৰকাপলা, বৰমাৰা, বাঘমাৰা, বেলবাৰী, বনিয়াকুছি, বাঘমাৰা, নামশলা, হালধিবাৰী আদি গাঁৱত কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলায় তেহচিন আখতাৰে।

তেহচিন আখতাৰে মংগলবাৰে মাজদিয়াত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেহচিন আখতাৰে কয় যে- "পৃথিৱীখন ভাল কৰাৰ দায়িত্ব শিল্পীসমাজৰ। পৃথিৱীখন ভাল কৰিবলৈ শিল্পীয়ে পলিটিক্স কৰাৰ প্ৰয়োজন নাই । মই কিন্তু পলিটিক্স কৰা নাই। মই কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিলৈ নাহোঁ। সমাজকৰ্মী হিচাপে মই মানুহৰ সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিম। এগৰাকী বিধায়কৰ পত্নী হিচাপে মই তেওঁৰ হৈ প্ৰচাৰ চলাইছোঁ; যাতে তেওঁ দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হয়। জাকিৰ হুছেইন শিকদাৰৰ দৰে এগৰাকী ৰাইজে ভালপোৱা বিধায়কৰ পত্নী হ'বলৈ পাই নিজকে গৌৰৱবোধ কৰিছোঁ । জাকিৰ হুছেইন শিকদাৰৰ দৰে বিধায়ক যদি প্ৰতিটো সমষ্টিতেই হয়, তেতিয়াহ'লে ক'তো দুৰ্নীতি নাথাকিব।"

তেহচিন আখতাৰে নিজেই কন্ঠদান কৰা নিৰ্বাচনী গীত পৰিবেশন কৰি মহিলাসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে। জাকিৰ হুছেইন শিকদাৰৰ দৰে এগৰাকী দক্ষ বিধায়ক সমষ্টিত প্ৰয়োজন আছে বুলি মন্তব্য কৰে তেহছিন আখতাৰে। সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ বাবে জাকিৰ হুছেইন শিকদাৰ বিধায়ক নহয়; তেওঁ প্ৰতিখন ঘৰৰেই ল'ৰা হয় বুলিও মন্তব্য কৰে তেহচিন আখতাৰে ।

"শিল্পী" আৰু "কা" বিৰোধী আন্দোলনৰ প্ৰসংগত তেহচিন আখতাৰে কয় যে "আমি শিল্পী হিচাপে পূৰ্বৰ পৰাই "কা"ৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ । কংগ্ৰেছৰো পাঁচটা গ্যেৰান্তী ভিতৰত "কা" বাতিলো আছে।গতিকে কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ আহিলে সকলোৰে বাবে ভাল।"

উল্লেখ্য যে ১৯৮৩ চনৰ পিছত ২০১৬ চনত জাকিৰ হুছেইন সিকদাৰৰ জড়িয়তে সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত হৈছে। ২০১৬ চনৰ পিছত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছৰ দলৰ প্ৰদৰ্শন উন্নতিৰ পিনে গতি কৰিছে । ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে মুঠ ৭০,০৬২ ভোট লাভ কৰি জয়ী হৈছিল। সেই নিৰ্বাচনত জাকিৰ হুছেইন সিকদাৰে পোল ভোটৰ ৪৫.০৩ শতাংশ ভোট লাভ কৰিছিল।

অসম গণ পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বৰ্মনে ৪৫,৮১৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। বৰ্মনে পোল ভোটৰ ২৯.৪৬ শতাংশ লাভ কৰিছিল। তৃতীয় স্থান এ আই ইউ ডি এফৰ প্ৰাৰ্থী আলী হুছেইন ১৩.৮০ শতাংশ হিচাপে ২১,৪৬০ টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল।পঞ্চায়ত নিৰ্বাচনতো সৰুক্ষেত্ৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে প্ৰায় ৮০ শতাংশ জয়লাভ কৰে । চাৰিটা জিলা পৰিষদৰ ভিতৰত তিনিটা জিলা পৰিষদ কংগ্ৰেছে দখল কৰে আৰু এটা জিলা পৰিষদ বি জে পিয়ে দখল কৰে।

সমষ্টিত থকা দুটা আঞ্চলিক পঞ্চায়তৰ দুয়োটাই কংগ্ৰেছে দখল কৰে। সমষ্টিত থকা ২১টা গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভাপতিৰ ভিতৰত ১২ টাত কংগ্ৰেছ, ৫ টাত বি জে পি আৰু ১ টা পঞ্চায়ত সভাপতি নিৰ্বাচিত হয়। ২১টা আঞ্চলিক সদস্য পদৰ ভিতৰত ১৪ টাত কংগ্ৰেছ,৪ টাত বিজেপি ,২টাত এ জি পি আৰু ১ টাত এ আই ইউ ডি এফ জয়ী হয়। ২১০ টা গাঁও পঞ্চায়ত সদস্যৰ ভিতৰত ১০৮ টাত কংগ্ৰেছ, ৫১ টাত বি জে পি, ১৬ টাত এ জি পি , ৯ টাত এ আই ইউ ডি এফ, ৫ টাত বি পি এফ ,২ টাত চি পি এম, ১ টাত টি এম ছি আৰু ১৮ টাত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। পঞ্চায়তৰ পিছত অনুষ্ঠিত হোৱা লোকসভাৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ ফলাফল এ আই ইউ ডি এফ তুলনাত যথেষ্ট ভাল আছিল।

লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে পোল ভোটৰ ৫৩.১৩ শতাংশৰে ৮৯,৪০০ ভোট লাভ কৰে। অসম গণ পৰিষদ আৰু বি জে পিৰ সন্মিলিত প্ৰাৰ্থী কুমাৰ দীপক দাসে পোল ভোটৰ ৩১.৩৪ শতাংশেৰে ৫২,৭৪২ টা ভোট লাভ কৰিছিল। এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ১২.৪০ শতাংশেৰে ২০,৮৬৬ টা ভোট লাভ কৰিছিল। এইবোৰ তথ্য‌ই প্ৰমাণিত কৰে যে সৰুক্ষেত্ৰী সমষ্টিত সাংগঠনিক ভেটি কংগ্ৰেছৰ সুদৃঢ় । অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটদানত কোন দলে কিমান ভোট লাভ কৰিবলৈ সক্ষম হ'ব সেয়া ভোটৰ ফলাফলতহে গম পোৱা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in