/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bihpuriya-1.jpg)
ডিজিটেল সংবাদ,বান্দৰদেৱা : বিহপুৰীয়া সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ।কংগ্ৰেছৰ ভূপেন বৰা বিজেপিৰ অমিয় ভূঞা জাতীয় পৰিষদৰ অচ্যুত শইকীয়াক প্ৰচণ্ড প্ৰত্যাহবান জনাই নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়াই।
ভোলাবৰী পঞ্চায়তৰ লগতে সমষ্টিৰ আন বহু কেইটা পঞ্চায়তত একাংশ বিজেপি আৰু অগপৰ কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে।ৰাইজৰ বিপুল সঁহাৰিত ইতিমধ্যে দলটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।সমষ্টিটোৰ পৰা বিজেপি আৰু কংগ্ৰেছক উৎখাত কৰি শক্তিশালী আঞ্চলিক শক্তিক প্ৰতিস্হা কৰি এক সুস্থ বাতাবৰন গঢ়ি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বিহপুৰীয়াক আগুৱাই লৈ যোৱাৰ স্বপ্ন দেখা মাত্ৰ ২৮ বছৰীয়া অনূপ শইকীয়া এতিয়া বহুতৰ বাবে আশাৰ বতৰা হৈ পৰিছে।
ইফালে অনুপ শ ইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত আজি অংশ লয় অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে।কেইবাখনো নিৰ্বাচনী সভাত অংশ লোৱা ভ্ৰান্তি মেধিয়ে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত ৰাইজৰ দলক ভোটদান কৰি দলটোক আগবঢ়াই লৈ যাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।