একেটা পদৰ বাবে বাৰে বাৰে বিজ্ঞাপন আৰু পৰীক্ষা অথচ ফলাফল প্ৰতিবাৰেই শূন্য ! গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ নিৱনুৱা…

একেটা পদৰ বাবে বাৰে বাৰে বিজ্ঞাপন আৰু পৰীক্ষা অথচ ফলাফল প্ৰতিবাৰেই শূন্য ! গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ নিৱনুৱা…

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ গৃহ বিভাগৰ কাণ্ডত অতিষ্ঠ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱা। বাৰে বাৰে একেটা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিও নিযুক্তি প্ৰদান নকৰি পুনৰ সেই পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ৰাজ্যৰ গৃহ বিভাগে। যাৰ বাবে অতিষ্ঠ নিক্ষিত নিবনুৱাই বিহুৰ মাজতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্যে যে অসম চৰকাৰৰ গৃহ বিভাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়ছোৱাত ২০১৭ চনত ৯,০১৭ টা কনিষ্টবলৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ আধাৰতে ২০১৮ চনত অনুষ্ঠিত হৈছিল শাৰীৰিক পৰীক্ষাৰ লগতে লিখিত পৰীক্ষা। কিন্তু আশ্চৰ্যজনক ভাৱে সেই পৰীক্ষাৰ ফলাফল ঘোষণা নকৰিলে গৃহ বিভাগে। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ সেই পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও পূৰ্বৰ দৰেই ফলাফল ঘোষণা নকৰিলে গৃহ বিভাগে।

তাৰ পৰিৱৰ্তে পুনৰ সেই পদৰ বাবে গৃহ বিভাগে আকৌ বিজ্ঞাপন প্ৰকাশ কৰি নতুনকৈ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যাৰ বাবে পূৰ্বে একে পদৰ বাবে শাৰীৰিক আৰু লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষিত নিৱনুৱা চাকৰি প্ৰত্যাক্ষীসকল খৰ্গহস্ত হৈ পৰিছে। গৃহ বিভাগৰ এই কাণ্ডৰ বিৰুদ্ধে সোমবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ চাকৰি প্ৰত্যাক্ষীয়ে।

ইফালে এই প্ৰতিবাদত লিপ্ত হোৱাৰ বাবে আৰক্ষীয়ে তেওঁলোকক আটক কৰি পাণবজাৰ আৰক্ষী থানালৈ লৈ গৈছে। অভিযোগ অনুসৰি এই প্ৰতিবাদকাৰী চাকৰি প্ৰত্যাক্ষীসকলক আৰক্ষীৰ শীৰ্ষ মহলৰ পৰা বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছে। উল্লেখ্য যে, একে কেইটা পদৰ বাবে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতো পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। সেই পৰীক্ষাৰো কোনো ফলাফল প্ৰকাশ নকৰিলে গৃহ বিভাগে। সেই একে কেইটা পদৰ বাবে পুনৰ এতিয়া প্ৰকাশ কৰিছে বিজ্ঞাপন। যাৰ বাবে এতিয়া খৰ্গহস্ত হৈ পৰিছে চাকৰি প্ৰত্যাক্ষীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in