আহক ৰাইজ! উদযাপন কৰো, বিশ্ব পৰিৱেশ দিৱস….

আহক ৰাইজ! উদযাপন কৰো, বিশ্ব পৰিৱেশ দিৱস….

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস। আগতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলোকে বন ধ্বংস নকৰিবলৈ আহ্বান জনাই পৰিৱেশ সংৰক্ষণৰ কথা কৈছে। কিন্তু যোৱা প্ৰায় ৪ মাহত চৰকাৰখনে পৰিৱেশ ধংস নে সংৰক্ষণ কৰিলে! ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন..

শুকুৰবাৰে আকৌ উদযাপিত হ'ব বিশ্ব পৰিৱেশ দিৱস। কোৰোনাকেন্দ্ৰিক বিশ্ব পৰিস্থিতিত পাৰিপাশ্বিকতাৰ বিষয়টো অতি স্বাভাৱিকভাৱে বিগত প্ৰায় ৪মাহত সৰ্বাধিক চৰ্চিত বিষয়ত পৰিণত হৈছে। কোনোবাই কোৰোনা ভাইৰাছৰ সমান্তৰালভাৱে আমফান, নিসৰ্গ আদি বিষয়ক লৈ সমগ্ৰ বিশ্বৰে পৰিৱেশবিদসকলে প্ৰদূষণসৃষ্টিকাৰী দেশসমূহকে পৰিৱেশজনিত সংকটৰ বাবে জগৰীয়া কৰিছে।

ইফালে কোৰোনাক প্ৰতিৰোধ কৰিবলৈ বিশ্বজুৰি বলবত কৰিবলৈ বাধ্য হোৱা লকডাউনৰ ফলত নিম্নগামী হোৱা প্ৰদূষণৰ ফলস্বৰূপে অজন লেয়াৰত সৃষ্টি হোৱা ভাৰসাম্যতাক লৈ উৎসাহিতও হৈছে একেখিনি পৰিৱেশবিদ। তেওঁলোকৰ মতে, লকডাউন সুস্থিৰ পাৰিপাশ্বিক অৱস্থাৰ সৃষ্টিৰ দিশত এক আৰ্শীবাদ হব পাৰে।

অৱশ্যে অধঃপতিত অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ বাবে উদ্যেগ খণ্ডৰ পুণৰ উৎপাদনী কাৰ্য আৰম্ভ নহলে বিশ্বৰ অৰ্থনীতি কেনে নেতিবাচক প্ৰভাৱ পৰিব সেয়া সহজেই অনুমেয়। উদ্যোগ খণ্ড বন্ধ হৈ পৰা বাবেই ইতিমধ্যে বিশ্বত কোটি কোটি লোকে সংস্থাপন হেৰুৱাইছে।দ্ৰুতগতিত হ্ৰাস পাইছে অত্যাৱশকীয় সামগ্ৰী, যন্ত্ৰ-পাতি।

সেয়েহে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত যে, উন্নত বিশ্বৰ কোনো দেশেই তীব্ৰ হাৰত প্ৰদৃষণ সৃষ্টিকাৰী উদ্যোগ বন্ধ কৰাৰ চিন্তা নকৰে, সেয়া এক নিৰ্মম সত্য। তথাপিও কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দৰে উন্নত দেশসমূহৰ মুৰব্বীয়েও পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত পূৰ্বৰ দৰেই পৰিৱেশ সুৰক্ষাৰ শ্লগান আওৰাইছে। বনাঞ্চল ধ্বংসকাৰী, প্ৰদূষণ সৃষ্টিকাৰীৰ কঠোৰ শাস্তি বিধানৰ হুংকাৰো দিছে।

আমাৰ মুখ্যমন্ত্ৰীয়েও ছপা মাধ্যমত দিয়া বিজ্ঞাপন আৰু ইলেক্টনিক মাধ্যমত লাইভ ভাষণত পৰিৱেশ সুৰক্ষা আৰু বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে ৰাইজক সজাগ, সৰ্তক থাকিবলৈ, নিজাকৈ বৃক্ষ ৰোপন কৰাৰ লগতে পাৰিপাশ্বিকতাৰ সুৰক্ষাৰ বাবে দীঘলীয়া আবেদন জনাইছে।

কিন্তু ৰাইজৰে দুৰ্ভাগ্য যে, বিগত দিনবোৰত পৰিবেশ ধ্বংসৰ বিভিন্ন কামৰ বাবে অনুমতি প্ৰদান কৰা চৰকাৰখনে আজি পৰিৱেশ সুৰক্ষাৰ বাবে আবেদন জনাইছে। আৰু আমি সেই আবেদন শুনিব লগা হৈছে।

বিগত কেইটামান মাহত ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাত পৰিৱেশ ধ্বংসৰ কেইটামান নমুনাঃ

দিহিং পাটকাইঃ

শেহতীয়াকৈ যদিও দিহিং পাটকাইক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, দৰাচলতে এনে এক পৰিৱেশ কেইবাটাও বছৰৰ পূৰ্বেই সৃষ্টি হব লাগিছিল। কিয়নো বৰ্ষাৰণ্যখনক লৈ হঠাতে যিদৰে তীব বিৰোধিতা আৰম্ভ হৈছে, তেনেদৰে হঠাতে তাত অবাধ কয়লা খনন আৰম্ভ হোৱা নাই। বিগত কেইবাটাও বছৰে অবাধ কয়লা খননে উকা কৰিলে দিহিং পাটকাইৰ বুকু।

ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব'ৰ্ডে(NBWL) দিহিং পাটকাই বৰ্ষাৰণ্যৰ অন্তৰ্গত হস্তীৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমিত ক'ল ইণ্ডিয়া লিমিটেডৰ কয়লা খননৰ বাবে দিয়া প্ৰস্তাৱক সেউজ সংকেট প্ৰদান কৰাৰ পাছতে লাগিছিল এই হাহাঁকাৰ। কিন্তু ইয়াৰ আগতেই দিহিং পাটকাইৰ প্ৰায় ৫৮ হেক্টৰ মাটিত চলিছিল অবৈধ কয়লাখনন।

এয়া হঠাতে হোৱা ঘটনা নহয়, কয়লা খননৰ ইতিহাস দীঘলীয়া

প্ৰতিটো দিনতে হাজাৰ হাজাৰ গাড়ীৰে দিহিং পাটকাইৰ বুকু উকা কৰি আৰক্ষীৰ সন্মুখেৰেই চলিছিল অবৈধ কয়লাৰ মুক্ত বেহা। অতদিনে চলি অহা এই অবৈধ বেহাক শেহতীয়াকৈ চৰকাৰে কেৱল মান্যতাহে প্ৰদান কৰিলে। দিহিং পাটকাইৰ কয়লা খননত পূৰ্বে জৰিত থকা সকলো মাফিয়াক দোষমুক্ত কৰাত সহায় কৰিলে এই পদক্ষেপে।

লক্ষ্যণীয়ভাৱে, সেউজ ন্যায়ধীকৰণে এই সন্দৰ্ভত দিয়া এক ৰায়ৰ অজুহাতত চৰকাৰৰ লগতে দুই-এক ৰহস্যজনক প্ৰকৃতি সংগঠনেও অঞ্চলটোত কয়লাৰ মুক্ত খনন চলা নাই বুলি দাবী কৰিছে।ইয়াৰ বিপৰীতে যদি, কোনো লোকে যদি আজিৰ সময়ত দিহিং পাটকাই ভ্ৰমণ কৰে, ইয়াৰ বিপৰীত এখন ছবিহে দেখিবলৈ পাব।

অৱশ্যে চৰকাৰে স্বীকাৰ নকৰিলেও শেহতীয়াকৈ এই কাৰ্য বন্ধ কৰাৰ দাবীৰে অসমৰ বহুকেইটা সংস্থা-সংগঠনে ৰাষ্ট্ৰপতিৰ লগতে এই কাৰ্যৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ আন্তৰাষ্ট্ৰীয় পৰিৱেশ বিষয়ক বহুকেইটা সংস্থালৈ পত্ৰ প্ৰেৰণ কৰিছে।

শেহতীয়াকৈ দিহিং পাটকাইৰ অবৈধ খনন বন্ধ কৰিবৰ বাবে অধিবক্তা শান্তুনু বৰঠাকুৰেও গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন। এই আবেদনক লৈ বিশ্ব পৰিৱেশ দিৱসৰ আগদিনাই (৪জুন) ন্যায়ালয়ে আবেদন গ্ৰহণ কৰি পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰে। ন্যায়ালয়ে দুয়োপক্ষৰে যুক্তি শুনাৰ পাছত এই গোচৰতো জুলাই মাহত পুনৰ গ্ৰহণ কৰা হব বুলি নিৰ্দেশ জাৰি কৰে।

দিহিং পাটকাইৰ ভিতৰৰ পৰিৱেশৰ বিষয়ে জানিবলৈ পঢ়িব পাৰে আমাৰ এই ক্ষেত্ৰভিত্তিক প্ৰতিবেদন– দিহিং-পাটকাইত প্ৰকৃতিৰ ধ্বংসলীলাঃ মই কি দেখিলো…https://www.asomiyapratidin.in/dihing-patkai-mur-mot-apurba-ballav-guwasami/

ডিব্ৰু-চৈখোৱাঃ

দিহিং পাটকাইৰ পাছতে বন ঘোঁৰা পোৱা একমাত্ৰ স্থান ডিব্ৰু-চৈখোৱাত বন্যপ্ৰাণী আইনক অংগুষ্ঠ প্ৰদৰ্শনেৰে ৭টাকৈ তেলৰ খাদ নিৰ্বাচিত কৰি তেল খনন কৰাৰ ব্যৱস্থা কৰিছে অইল ইণ্ডিয়াই৷ অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁঁহৰ আৱাসভূমি, ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহু, কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম'হৰ বাসস্থান ডিব্ৰু-চৈখোৱাত মাটিৰ তলৰে পাইপ বহুৱাই অত্যন্ত সংগোপনে তৈল খান্দি নিয়াৰ পৰিকল্পনাক লকডাউনৰ মাজত চৰকাৰীভাৱে অনুমতি প্ৰদান কৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে।

সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ গাতে লাগি থকা বাঘজান এলেকাত তৈল খাদৰ পৰা অহৰহ জ্বলি থকা তথা মেচিনৰ শব্দই যথেষ্ট প্ৰদূষণৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত, ডিব্ৰু-চৈখোৱাৰ জৈৱতন্ত্ৰত ভয়াবহ প্ৰভাৱ পৰিব বুলিও জনা গৈছে৷

ডিব্ৰু চৌখোৱা

পৰিৱেশতন্ত্ৰৰ ক্ষতি হ'ব পৰা প্ৰতিটো কাম বন্ধ কৰাৰ আহ্বানেৰে ডিব্ৰু-চৈখোৱাৰ বাঘজানত উপস্থিত কিছুদিনৰ পূৰ্বে উপস্থিত হৈছিল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বৰ এটা দল৷ এই দলটোত আছিল জ্যেষ্ঠ সাংবাদিক মনজিত মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, চি পি আই (এম এল) নেতা বিবেক দাস, কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, কা বিৰোধী নেত্ৰী মীৰা বৰঠাকুৰ, বিশিষ্ট চিন্তাবিদ পৰেশ মালাকাৰ, জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক প্ৰণৱ দলে।

এই দলটোৱে সমগ্ৰ পৰিৱেশ অধ্যয়ন কৰি চৰকাৰী পৃষ্ঠপোষকতাত এয়া ধ্বংস কৰিবলৈ ওলোৱাটো গৰিহণা দিছিল৷ আনহাতে, জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনক ৰাইজে আহ্বান জনাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি ডিব্ৰু-চৈখোৱাৰ পৰিৱেশতন্ত্ৰ ধ্বংস কাৰ্য বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনাইছিল দলটোৱে।

উল্লেখ্য যে, ব্ৰিটিছৰ দিনতে ১৮৯০ আৰু ১৯২৯ চনত ডিব্ৰু আৰু ছৈখোৱা বনাঞ্চলক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৫ চনত দুয়োখন সংৰক্ষিত বনাঞ্চলৰ লগতে কিছু পাৰ্শ্বৱৰ্তী এলেকা সামৰি ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰাৰ পাছত ১৯৯৭ চনত ৩৪০ বৰ্গ কিঃমিঃ অঞ্চলক ক'ৰ জ'ন আৰু ইয়াৰ কাষৰীয়া ৩৮খন ৰাজহ গাঁও তথা সংলগ্ন অন্য এলেকাক বাফাৰ জ'ন হিচাপে লৈ ৭৬৫ বৰ্গ কিঃমিঃ অঞ্চলক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল হিচাপে ঘোষণা কৰা হয়।

এই স্থানৰ গুৰুত্ব বুজিয়েই ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। ততসত্বেও আজি চৰকাৰ পৃষ্ঠপোষকতাতে এয়া ধ্বংস কৰিবলৈ অনুমতি দিয়া কাৰ্যক পৰিৱেশৰ বাবে সচাকৈয়ে চিন্তনীয়।

কেইবাখনো নদ-নদীৰ অবাধ ধ্বংসঃ

বৃহত নদীবান্ধৰ যে প্ৰকৃতিৰ বিৰুদ্ধে গৈ কৰা এটা কাম, সেইয়া বিগত সময়ৰ কেইবাখনো প্ৰতিবেদনৰ তথ্যই পোহৰলৈ আনিছে। শেহতীয়াকৈ ধাৰবাহিক বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে অহা বাঢ়নী পানীয়ে খহাঁই পেলাইছিল বান্ধটোৰ গাৰ্ড ৱাল। কেইবাখনো জিলাৰ জনতাৰ জীৱনলৈ ভাবুকি নমাই আনিব পৰা প্ৰকৃতিবিৰোধী এই বান্ধক লৈ আজিও নিমাত চৰকাৰ।
এফালে পাহাৰৰ কোমল মাটি আনফালে তীব্ৰ বেগত বৈ অহা নদীৰ পানী ভেটা দি নিৰ্মাণ কৰা এই বান্ধে কি অৱস্থাৰ সৃষ্টি কৰিব সেই কথা পূৰ্বতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা চৰকাৰ নেতৃবৰ্গই পৰিৱেশ দিৱসৰ দিনাই উপলদ্ধি কৰা উচিত।

কেৱল এয়াই নহয়, চোৰাং কাঠ, কয়লাৰ সমান্তৰালভাৱে লকডাউনৰ সময়চোৱাত গোলাঘাটত মুকলিকৈ চলিছে বালিৰ চোৰাং বেহা। চোৰাং বালি মাফিয়াই বন বিভাগৰ লোকৰ সৈতে মিলি লকডাউনৰ সময়ত দৈগ্ৰোং নদীত ব্যাপক হাৰত চলাই আছে বালিৰ অবাধ খনন।

লকডাউনৰ মাজতো গোলাঘাটত বালি মাফিয়াৰ লুন্ঠন অব্যাহত

স্থানীয় লোকৰ মতে, বন বিভাগৰ লোকৰ পৃষ্ঠপোষকতাতে চলা বালি মাফিয়াৰ এই খননৰ ফলত দৈগ্ৰোং নদীখনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। কেৱল এইখন নদীয়ে নহয়, গোলাঘাটৰ কেইবাখনো নদীত চোৰাঙকৈ মাফিয়াই চলাই আছে বালি খনন। টি পি নথকাকৈ বালিসমূহ সৰবৰাহ কৰে এই বন মাফিয়াসকলে। গোলাঘাটৰ ডি এফ অ, ৰেঞ্জাৰ, বিট অফিচাৰক মেনেজ কৰি চলি আছে এই চোৰাং বালি বেহা।

প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, চোৰাং বালি মাফিয়াৰ এইদৰে অবৈধ বালি খননৰ ফলত নদীখনৰ প্ৰতি ভাবুকি আহিছে।তেওঁ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টো হস্তক্ষেপ কৰি ব্যৱস্থাগ্ৰহণৰ বাবে দাবী জনায়। কিদৰে নদীখনৰ পাৰত গাঁত খান্দি বালি খনন কৰিছে সেয়া বনমন্ত্ৰীক নিজে প্ৰত্যক্ষ কৰিবলৈ উক্ত স্থান ভ্ৰমণৰ দাবী তুলিছিল।

কেৱল এয়াইনে, প্ৰাকৃতিকভাৱে অতিকৈ চহকী অসমৰ কেইবাখনো নদীৰ বুকু এনেদৰেই খান্দি উকা কৰা হৈছে। পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত যোৱা কেইটামান মাহত চৰকাৰৰ সিদ্ধান্তৰ লগতে তেওঁলোকৰ পৰিৱেশ বিৰোধী স্থিতি বিষয়েহে এই প্ৰতিবেদনত উল্লেখ কৰা হল। চকুৰ আগতে সকলো দেখিও কোনো বাধা নিদিয়া, পৰিৱেশ বিনষ্টকাৰী সিদ্ধান্ত গ্ৰহণ কৰি নীৰৱে বহি থকা চৰকাৰখনৰ নেতৃত্ব আৰু মন্ত্ৰীৰ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা দিয়াৰ নৈতিক অধিকাৰ আছেনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in