দিহিং-পাটকাইত প্ৰকৃতিৰ ধ্বংসলীলাঃ মই কি দেখিলো…

দিহিং-পাটকাইত প্ৰকৃতিৰ ধ্বংসলীলাঃ মই কি দেখিলো…

দিহিং পাটকাইত কলা সোণৰ অবৈধ মুক্ত খননক লৈ সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী আৰু দল-সংগঠনে লকডাউনৰ মাজতে ইয়াৰ প্ৰতিবাদ কৰাই নহয় বিভিন্ন সংস্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ শীঘ্ৰে এই ধ্বংস যজ্ঞ বন্ধ কৰাৰ বাবে দাবী জনাই পত্ৰয়ো প্ৰেৰণ কৰা হৈছে। লক্ষ্যণীয়ভাৱে, সেউজ ন্যায়ধীকৰণে এই সন্দৰ্ভত দিয়া এক ৰায়ৰ অজুহাতত চৰকাৰৰ লগতে দুই-এক ৰহস্যজনক প্ৰকৃতি সংগঠনেও অঞ্চলটোত কয়লাৰ মুক্ত খনন চলা নাই বুলি দাবী কৰিছে। এনে প্ৰেক্ষাপটতে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লৱ গোস্বামীয়ে নিজাকৈ চলাইছিল ক্ষেত্ৰভিত্তিক এক অধ্যয়ন। এই সন্দৰ্ভত তেওঁ লিখা এক প্ৰতিবেদনকে আজি মোৰ মতত প্ৰকাশ কৰা হৈছে।

যোৱা ২৯ মে'ত গোলাঘাটৰ পৰা দিহিং-পাটকাই বন্যপ্ৰাণী অভিমুখে ধোদৰ আলিৰে যাত্ৰা কৰিছিলোঁ। দিহিং-পাটকাই বৰ্ষাৰণ্যত জয়পুৰ ৰেঞ্জত উপস্থিত হৈ হতভম্ভ হৈ পৰিছিলোঁ। ৰেঞ্জটোত মাত্ৰ ৪ জন বিষয়া-কৰ্মচাৰীয়ে চোৱাচিতা কৰে। ২০০৪ চনৰ ১৩ জুনত জয়পুৰ সংৰক্ষিত বনাঞ্চল, দিহিং সংৰক্ষিত বনাঞ্চল আৰু ডিৰাক সংৰক্ষিত বনাঞ্চল  ১১১.১৯ বৰ্গকিলোমিটাৰ সামৰি দিহিং-পাটকাই অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

তাৎপৰ্যপূৰ্ণ বিষয় যে– শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ১৫খন সংৰক্ষিত বনাঞ্চল, ৬ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল সামৰি ৯৩৭ বৰ্গকিলোমিটাৰ অঞ্চলৰ মাত্ৰ ১১১.১৯ বৰ্গকিলোমিটাৰহে সেইসময়ত অভয়াৰণ্য হিচাপে ঘোষণা কৰে। সেইসময়ত চৰকাৰে মুক্ত কয়লা খননকাৰীক উৎসাহিত কৰিবৰ বাবেই কিছু অংশ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰি দায়িত্ব সামৰিছিল। যাৰফলত দিহিং-পাটকাই বৰ্ষাৰণ্যৰ চৌপাশে এতিয়া মুক্ত কয়লা খনন আৰু অবৈধ শিলল খনন। নামচাং আৰু বুঢ়ীদিহিং নদীৰ সংগমস্থলীতে বৰ্ষাৰণ্য দিহিং-পাটকাই।

দিহিং পাটকাই ক্ৰান্তীয় সেমেকা চিৰসেউজ বনাঞ্চল। দিহিং-পাটকাইত ৫০ বিধ স্তন্যপায়ী, ৩০০ বিধ পক্ষী, ৪০ বিধ সৰীসৃপ, ১৫৫ বিধ পখিলা, ৩৫ বিধ জলচৰ, ৬০ বিধ বিভিন্ন প্ৰজাতিৰ গছ, ১০১ বিধ অৰ্কিড পোৱা যায়। দিহিং-পাটকাই বৰ্ষাৰণ্য নগাজুৰি, কঠালগুৰি, শুকানজুৰি, নামৰূপ, নাহৰকটীয়া আদি বিট অফিচসমূহতো বিষয়া-কৰ্মচাৰীৰ অৱস্থা পুতৌজনক। অতি নগন্যসংখ্যক বিষয়া-কৰ্মচাৰীৰ দ্বাৰা এই উল্লেখযোগ্য বৰ্ষাৰণ্যখন পৰিচালনাত বহুতো অসুবিধাৰ সন্মুখীণ হৈ আহিছে।

এখন বন্যপ্ৰাণী অভয়াৰণ্যত আন্তঃগাঁঠনি উন্নীতকৰণ কৰাৰ লগতে বনজ সম্পদ সুৰক্ষাৰ বাবে বন্যপ্ৰাণী নিৰক্ষক (গেম ৱাটছাৰ) থাকিব লাগে যদিও দিহিং-পাটকাইৰ আন্তঃগাঁঠনি অতিকৈ দুখজনক। বন্যপ্ৰাণীখনৰ মাজেৰে অৰুণাচলৰ খুনচালৈ যোৱাৰ পথেৰে আমি অতিক্ৰম কৰোঁতে কঠাঁলগুৰি বিটত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছিলোঁ বিতটোত মাত্ৰ দুজন বন বিভাগৰ লোকে দায়িত্ব পালন কৰি আহিছে। বিষয়াদুগৰাকীয়ে অস্বাস্থ্যকৰ পৰিৱেশত থকা এটা কুঁৱাৰপানী সেৱন কৰিব লগা হোৱা ঘটনাই অভয়াৰণ্যখনৰ আন্তঃগাঁঠনিৰ ফোপোলাস্বৰূপটো উদঙাই দেখিওৱাইছে।

অভয়াৰণ্যখনত নিৰাপত্তা দিবৰ বাবে তেওঁলোকৰ হাতত নাই কোনো আগ্নিয়াস্ত্ৰ। এইয়া মাত্ৰ এটা উদাহৰণ হে। এনে বহু উদাহৰণ অভয়াৰণ্যখনৰ প্ৰতিটো বিটতে পোৱা যাব। ইয়াৰ পাছতেই দিহিং-পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছিলোঁ। তাতো সেই অনুৰূপ আন্তঃগাঁঠনিকে প্ৰত্যক্ষ কৰিছিলোঁ। ঠিক সেইদৰে দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইপুং ৰেঞ্জৰো একে অৱস্থা। অসম চৰকাৰৰ বিয়াগোম বনবিভাগক পি চি চি এফ, অতিৰিক্ত পি চি চি এফ  ; চি চি এফ আদিৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈ গুৱাহাটীৰ কাৰ্যালয়ত কোঠাৰ নাটনিৰ বিপৰীতে বন বিভাগৰ নিম্ন পৰ্যায়ৰ বিষয়াকৰ্মচাৰীৰ অভাৱত বনাঞ্চলসমূহ সংৰক্ষণত বাধা আহি পৰিছে। কিন্তু সেই কথা আজি কোনে শুনিব! বন বিভাগৰ কাৰ্যালয়সমূহ আজি নগৰমুখী হৈ আহিছে।

২৪ ঘণ্টা দায়িত্ব পালন কৰা বনবিভাগৰ সেই কৰ্মসংস্কৃতি বৰ্তমান সময়ত অভাৱ দেখিবলৈ পোৱা গৈছে।ইয়াৰ পিছতে বৰ্তমানসময়ত সংবাদ মাধ্যমত শিৰোনাম দখল কৰা লেখাপানীৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল শালেকীত উপস্থিত হৈছিলোঁ। শালেকী প্ৰস্তাৱিত বনাঞ্চলত চলিত বৰ্ষৰ ৭ এপ্ৰিলত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ,বন আৰু পৰিৱেশ মন্ত্ৰ্যালয় আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে এই বনাঞ্চলখনতে কয়লা খননৰ অনুমোদন দিয়ে। মন কৰিবলগীয়া যে ২০১৬ চনত ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ সভাত স্বয়ং মুখ্যমন্ত্ৰী, সেইসময়ৰ বনমন্ত্ৰী, বিধায়ক, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া, অসমৰ একাধিক আগশাৰীৰ পৰিৱেশ সংগঠনৰ মুৰব্বীসকলে শালেকীত মুক্ত কয়লা খননত নোৱা অনুমোদনত সমৰ্থন জনাইছিল।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, পৰিৱেশকৰ্মী বিভিন্ন দল-সংগঠন তথা সচেতন জনসাধাৰণে সামাজিক মাধ্যম, সংবাদমাধ্যম জৰিয়তে দিহিং-পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খননৰ তীব্ৰ বিৰোধীতা কৰে। ১৮৮২ চনৰ পৰা ১৯৭৩ চনলৈকে সুদীৰ্ঘ ৯১ বছৰে এ আৰ এণ্ড টি নামৰ এটা ইংৰাজ কোম্পানীয়ে কয়লা খনন কৰে। ১৯৭৩ চনৰ পৰা ক'ল ইণ্ডিয়াই টিকক, টিৰাপ, লিডু আদিত মুক্ত কয়লা খনন কৰে। মুক্ত কয়লা খননৰ ফলত পাটকাই পৰ্বতমালাৰ বিৰল জৈৱ-বৈচিত্ৰ্য ধ্বংস হোৱাৰ লগতে এটাৰ পাছত এটা পাহাৰ নিঃশেষ হৈ পৰে। পাটকাই পৰ্বত মালাৰ সৌন্দৰ্যক উন্নয়নৰ নামত ক্ষত-বিক্ষত কৰি কিছু অঞ্চল পুখুৰীসদৃশ হৈ পৰিছে। সেউজ পাহাৰ ধ্বংস কৰি দিয়াৰ ফলত গছ-গছনিৰ লগতে বন্যপ্ৰাণী, খাদ্য তথা আৱাসভূমি, সংকোচিত হৈ পাৰিপাশ্বিকৰ্তাৰ সন্মুখীণ হ'ব লগা হৈছে।

শালেকী বনাঞ্চলখন ধ্বংস কৰি অবৈধ বে-দখলে চাহ-বাগিচা খোলাৰ লগতে পাহাৰ কাটি এটা পথ নিৰ্মাণ কৰা আমি প্ৰত্যক্ষ কৰোঁ। এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল চৰকাৰে ঘোষণা কৰাৰ পাছত চৰকাৰৰ কিছু কৰণীয় থাকে। ভূমিৰ দায়িত্ব জিলা প্ৰশাসনৰ থকাৰ লগতে বনভূমিৰ দায়িত্ব বন বিভাগৰ থাকে। বন বিভাগে বনাঞ্চলখন সংৰক্ষিত  কৰাত সম্পূৰ্ণভাৱে বিফল হোৱাৰা বাবেই আজি শালেকী বে-দখলকাৰীৰ কৱলত পৰে। বন বিভাগে সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত বনাঞ্চলত বনানীকৰণ কৰিব লাগে যদিও বিগত বৰ্ষসমূহত বনবিভাগে সেই দায়িত্ব পালন কৰা নাই।

উক্ত অঞ্চলত অবৈধ চাহ বাগিচা খুলি বে-দখল অব্যাহত থকা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পাছতো  বন মন্ত্ৰীগৰাকীয়ে এইসম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। এতিয়া বন বিভাগে ইক'চেনটিভ জ'ন (১০ কিলোমিটাৰ ব্যাসাৰ্ধ)ত" শালেকী দিহিং-পাটকাই অন্তৰ্গত নহয় বুলি সান্তনা ল'বলৈ বিচাৰে যদিও বন্যহস্তী বা বন্যপ্ৰাণীৰ বিচৰণভূমিযে হ্ৰাস হ'ব সেয়া স্পষ্ট। শালেকী়ত অবৈধ কয়লা খনন হৈ আছে যদিও সেয়া বন্ধ কৰা়ৰ দায়িত্ব চৰকাৰৰ৷

চৰকাৰে অবৈধ কয়লা খনন ৰোধ কৰিবলৈ মান্যতাৰে ক'ল ইণ্ডিয়াক কয়লা খনন কৰিবলৈ দিলে অনাগত দিনত  অঞ্চলটোত পৰিৱেশ ভাৰসাম্য বিনষ্ট হ'ব৷ সেইবাবে  চৰকাৰে দিহিং-পাটকাই ৯৩৭ বৰ্গকিলোমিটাৰ সম্পূৰ্ণৰূপে সংৰক্ষণ কৰি ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলেহে পূৱৰ আমাজান খ্যাত দিহিং-পাটকাই বৰ্ষাৰণ্য প্ৰকৃতাৰ্থত সংৰক্ষণ হ'ব। জৈৱ-বৈচিত্ৰ্যৰে চহকী দিহিং-পাটকাইক চৰকাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে ঘোষণা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক আহ্বান জনাব লাগে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in