মিছাঃ India’s PM cried

মিছাঃ India’s PM cried

মৃদুল কুমাৰ সন্দিকৈ

মিছা! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কান্দিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন ফটো আৰু এক খবৰ। খবৰটোৰ শিৰোনাম আছিল- India's PM cried. । অথাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কান্দিছে। মোডীয়ে কন্দাতো মিছা নাছিল। ভিজুৱেল মাধ্যমৰ জৰিয়তে কোভিড সন্দৰ্ভত বুজ লৈছিল মোডীয়ে।

কোভিডত মৃত্যু হোৱা লোকসকলৰ স্মৃতিচাৰণ কৰিবলৈ গৈ তেও আৱেগিক হৈ পৰিছিল। তেওঁৰ চকুত দেখা পোৱা গৈছিল চকুপানী। ছচিয়েল মিডিয়াত দেখা পোৱা এখন ফটো অনুসৰি এই খবৰ হেনো দ্য নিউৰ্য়ক টাইমছৰ দৰে কাকতে প্ৰথম পৃষ্ঠাৰ শীৰ্ষ বাতৰি কৰিছে।

ইণ্ডিয়াছ পি এম ক্ৰাইড শিৰোনামেৰে মোডীয়ে কন্দা খবৰটো দি খবৰটোৰ সৈতে হেনো প্ৰকাশ কৰিছে এখন বিশেষ ফটো। এটা ঘৰিয়ালে কান্দি থকা ফটোৰে মোডীৰ এই চকুপানীক কি ৰূপ দিব বিচাৰিছে কাকতখনে তাক বুজাব চেষ্টা কৰা হৈছে। কিন্তু এই খবৰ মিছা। তেনে কোনো খবৰ দ্য নিউৰ্য়ক টাইমছ দৰে কাকতত প্ৰকাশ হোৱা নাছিল ২১মে' ২০২১ সংখ্যাত।

সেইদিনা কাকতখনে প্ৰকাশ কৰিছিল ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ সন্দৰ্ভত এক খবৰ। কিন্তু এই খবৰ সচাঁ যে, এনে এখন ফটোৰে প্ৰধানমন্ত্ৰী মোডীয়ে কন্দা সন্দৰ্ভত এটা খবৰ প্ৰকাশ হৈছে। সেয়া অৱশ্যে দ্য নিউৰ্য়ক টাইমছ কাকতখনৰ লীড ষ্ট্ৰীৰ নাছিল। এই খবৰটো এইদৰে প্ৰকাশ কৰিছিল এটা ৱেবচাইটে।

দ্য ডেইলি নিউৰ্য়ক টাইমছ নামৰ ৱেবচাইটটোৱে তেওঁলোকৰ টুইটাৰত ঘৰিয়ালৰ কান্দি থকা ফটো এখন দি প্ৰকাশ কৰিছিল। যি খবৰ পৰৱৰ্তী সময়ত দ্য নিউৰ্য়ক টাইমছৰ দৰে কাকতে প্ৰকাশ কৰা বুলি মিছাকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

এই খবৰ মিছা

কোভিডৰ সংকটৰ সময়ত সমগ্ৰ দেশবাসীয়ে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাতো বিচাৰিছে। এতিয়া নিয়ন্ত্ৰিত হ'লেও চিন্তিত হোৱাৰ অৱকাশ থাকি গৈছে কোভিডক লৈ। যোৱা এসপ্তাহ ধৰি দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩লাখৰ কম হৈছে। ২২ মে' ২০২১ত কোভিডত আক্ৰান্ত হৈ দেশত ৩,৭৪১গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

সমগ্ৰ দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২কোটি ৬৫লাখ। কোভিডত ভাৰততে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ২লাখ ৯৯হাজাৰ ২৬১গৰাকী। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, কোভিডৰ সংক্ৰমণৰ হাৰ দেশত কমিছে। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ সংক্ৰমণৰ তুলনাত মৃত্যুৰ হাৰ অধিক হৈছে।

কোভিডৰ টীকাকৰণ চলি থকাৰ মাজতে মৃত্যুৰ হাৰ অধিক হোৱাৰ কথাই বিশেষজ্ঞসকলকো চিন্তিত কৰি তুলিছে। কোভিডৰ এই ভেকচিনে কিদৰে প্ৰভাৱ পেলাইছে তাক লৈয়ো গৱেষণা চলিছে। মানুহৰ মাজত প্ৰথমতে কোভিড ভেকচিনক লৈ বেছি আগ্ৰহ নাছিল যদিও ভয়াৱহ ৰূপ দেখি কোভিড ভেকচিন লোৱা লোকৰ সংখ্যা ইমানেই বাঢ়িল যে এতিয়া ভেকচিনৰ অভাৱ।

দেশত প্ৰস্তুত কৰা ভেকচিনৰ উপৰিও বিদেশী ভেকচিন দেশলৈ আমদানি কৰি সিদ্ধান্ত লৈছে চৰকাৰে। বিশেষকৈ ৰাচিয়াৰ কোৰোনাৰ প্ৰতিষেধক স্পুট'নিক-ভি ভাৰততে প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে দুয়ো দেশৰ চৰকাৰে। সকলো ঠিকেঠাকে থাকিলে এইমাহৰ ভিতৰতে ৩লাখ পালি ৰাচিয়াৰ কোৰোনাৰ ভেকচিন আহি ভাৰত পাবহি।

সিদ্ধান্ত অনুসৰি হায়দৰাবাদত ভাৰত-ৰাচিয়াৰ চুক্তি অনুযায়ী ডাঃ ৰেড্ডীজ গৱেষণাগাৰত এই ভেকচিন তৈয়াৰ কৰা হব। ইয়াৰ এটা পালিৰ দাম প্ৰায় ৯৯৫টকা হব বুলি কোৱা হৈছে। কোভিডৰ এই পৰিস্থিতি অন্ত কেতিয়া পৰিব, সেয়া কোনো নিশ্চিত নহয়। দ্বিতীয় ঢৌৰ পাছত তৃতীয় ঢৌ কোভিড সংক্ৰমণ হলে ই ইয়াতকৈও ভয়াৱহ হব নেকি তাক লৈও দেশৰ বিশেষজ্ঞ চিকিতসক সকল চিন্তুিত হৈছে।

অসমত কোভিডৰ সংক্ৰমণ দেশৰ অন্ত প্ৰান্তৰ তুলনাত যথেষ্ট ভয়াৱহ হৈ পৰিছিল যোৱা কিছুদিনত। কোভিড ভেকচিন পৰ্ব চলি থকা মাজতে এই সংক্ৰমণক লৈ যথেষ্ট শংকিত হৈছিল ৰাজ্যবাসী। ইংলেণ্ডৰ বিশেষজ্ঞসকলৰ মতে, ভাৰতত প্ৰস্তুত কৰা কোভিড-১৯ৰ দুটা ডজ প্ৰথমবাৰ কোভিড সংক্ৰমণৰ সময়ত কোভিড ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে।

কোভিড ভেকচিনে কিদৰে প্ৰতিৰোধ ক্ষমতা গঢ়িছে তাক লৈ বিভিন্ন আলোচনা-গৱেষণা চলি আছে। আশা কৰা হৈছে ভাৰতেও কোভিডৰ বিৰুদ্ধে এই যুঁজত সফলতা লাভ কৰিব পাৰিব অচিৰেই। কোভিড ভেকচিন দিয়া সময়ত ভেকচিন লওতা গৰাকীক এখন প্ৰমাণ পত্ৰ দিয়া হয়, যি প্ৰমাণ পত্ৰ ভেকচিন লোৱাগৰাকীৰ বিৰুদ্ধে সবিশেষ আৰু প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ ফটো সন্নিৱিষ্ট থাকে।

দেশৰ এই সংকটকালীন সময়ত আন এক খবৰে চৰ্চা লাভ কৰিছে। কংগ্ৰেছৰ শাসনাধীন চত্তীশগড়ৰ চৰকাৰে ৰাজ্যখনত কোভিড ভেকচিন লোৱা প্ৰমাণ পত্ৰত মোডীৰ ফটোৰ বিপৰীতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ ফটো সন্নিৱিষ্ট কৰিছে। ১৮-৪৪বছৰ বয়সৰ লোকক কোভিড ভেকচিন দিয়াৰ বিপৰীতে তেওঁলোকৰ নামসমূহ পঞ্জীয়ন কৰিবৰ বাবে নিজাকৈ চি-জি টীকা নামৰ এটা পৰ্টেল আৰম্ভ কৰিছে।

এই পৰ্টেলত পঞ্জীয়ন কৰি যিসকলে কোভিড ভেকচিন লৈছে তেওঁলোকে লাভ কৰা প্ৰমাণ পত্ৰত মোডীৰ ফটো বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। চত্তীশগড়ৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিংদেৱে এই সন্দৰ্ভত কয়- এই বিষয়টোক লৈ বিৰ্তক কৰাৰ কোনো কাৰন নাই। যেতিয়া ভাৰত চৰকাৰে ভেকচিনৰ বাবে ধন দিছিল, তেতিয়া প্ৰধানমন্ত্ৰীৰ ফটো আছিল। যেতিয়া ৰাজ্য চৰকাৰে খৰচ বহন কৰিছে তেতিয়া মুখ্যমন্ত্ৰীৰ ফটো দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ ফটো কিয় দিব লাগে বুলি প্ৰশ্ন তুলিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

এই বিষয়টোক লৈ ইতিমধ্যে এক বিৰ্তকৰ সূচনা হৈছে। পশ্চিম বংগ চৰকাৰেও ভেকচিনৰ প্ৰমাণ পত্ৰত মোডীৰ ফটো থকা কথাটোত আপত্তি দৰ্শাইছে। প্ৰমাণ পত্ৰত কাৰ ফটো থাকে এই বিষয়ক লৈ বিৰ্তক হোৱাতো দুভাৰ্গ্যজনক। ৰাজনীতি বা আন দৃষ্টিকোণেৰে কোভিডক পৰ্যালোচনা কৰাটো কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ বাবে সঠিক সিদ্ধান্ত হব নোৱাৰে।

কোভিডসৃষ্ট এই পৰিৱেশৰ বাবে দেশৰ চিকিতসাবিজ্ঞানীয়ে মূলত চৰকাৰী নীতিকে সমালোচনা কৰিছে। কোনো বিশেষজ্ঞৰ সৈতে পৰ্যালোচনা নকৰি চৰকাৰে প্ৰস্তুত কৰা নীতি-নিৰ্দেশনাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰি এই ক্ষেত্ৰত পৰামৰ্শদানৰ বাবে থকা উপদেষ্টাই পদ ত্যাগ কৰা ঘটনাও ঘটিছে।

উচ্চতম ন্যায়ালয়ে বাধ্যত পৰি বিষয়বোৰক লৈ মাত মাতি এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আৰু কৰ্তব্যৰ কথা মনত পেলাই দিব লগা হৈছে। আনকি কোভিডৰ সাম্ভাৱ্য পৰিস্থিতিৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে সেই সন্দৰ্ভতো জবাবদিহি কৰিছে। দিল্লী,মুম্বাই আদিত কোভিডৰ পৰিস্থিতি অতি জটিল হৈ থকাৰ সময়ত চিকিতসালয় সমূহত অক্সিজেনৰ অভাৱ হৈছিল। সেয়াও আছিল চৰকাৰী ভুল নীতি আৰু শাসনত থকা আন দলৰ চৰকাৰৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতা।

এই পৰিৱেশ পৰিস্থিতিৰ মাজতে চৰ্চালৈ আহিছে এটা কবিতা। মোডী গৃহৰাজ্য গুজৰাটৰ এগৰাকী বিখ্যাত কবি পাৰুল খাক্কাৰ। তেওঁ ছচিয়েল মিডিয়াত এটা ১৪শাৰীৰ কবিতা লিখিছিল। কবিতাটোৰ নাম আছিল- শৱ বাহিনী গংগা। ১১মে ২০২১ত লিখা এই কবিতাতো ইতিমধ্যে কেইবাটাও ভাষালৈ অনুবাদ হৈছে।

এই কবিতাটোৰ অসমীয়া ভাৱাৰ্থ এনেধৰণৰ (অনুবাদ নহয় ভাৱাৰ্থ)-

সকলো মৃত ব্যক্তিয়ে সমস্বৰে চিঞৰি উঠিল- সকলো ঠিকে আছে

প্ৰভু, আপোনাৰ ৰাম ৰাজ্যত এতিয়া শৱ দেহৰ গংগা

শশ্মানবোৰ শেষ হ'ল, চিতাৰ বাবে খৰিৰ অভাৱ

মৃতদেহ কঢ়িয়াই আমাৰ সকলোৰে কান্ধবোৰ ভাগৰি পৰিছে

চকুবোৰ ধুসৰ হৈ পৰিছে

ঘৰে ঘৰে এতিয়া যমদূতৰ তাণ্ডৱ নৃত্য

ক্ৰমশঃ বাঢ়িছে মৃত্যুৰে নৃত্য

প্ৰভু, আপোনাৰ ৰাম ৰাজ্যত এতিয়া শৱ দেহৰ গংগা

নিৰন্তৰে প্ৰতিনিয়ত এতিয়া চিতাবোৰ জ্বলিছে

চিতাবোৰে বিচাৰে কিছু সময়ৰ বাবে সকাহ

নিৰন্তৰে ভাঙিছে….ঘৰে ঘৰে ভাঙিছে হৃদয়

সকলো দেখিও তুমি হিদল বজোৱাত মগ্ন

প্ৰভু, আপোনাৰ ৰাম ৰাজ্যত এতিয়া শৱ দেহৰ গংগা

মহাশয়, আপুনি পৰিধান কৰে, ঐশ্বৰিক শক্তিৰ পোছাক

ঐশ্বৰিক পোহৰৰ চমক আপোনাৰ শৰীৰত

আশা কৰো মানুহবোৰে আপোনাৰ প্ৰকৃত স্বৰূপক বুজিব

আপুনি এটা শিল বা মুকুতা নহয়

যদি কাৰোবাৰ সাহস আছে, তেন্তে ওলাই আহা আৰু কোৱা

উলংগ ৰজা….

কোভিডৰ সময়ত কবিতাৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী কবি। যি প্ৰতিবাদৰ ভাষাই বিজেপিৰ দৰে এটা শক্তিশালী দলৰ ভিতৰচৰাত খলকনি তুলিছে। গংগাত হাজাৰ হাজাৰ মৃতদেহ উদ্ধাৰ হোৱা পাছত এই কবিতাতো লিখি দেশত কোভিডে কি পৰিৱেশ সৃষ্টি কৰিছে আৰু শাসক পক্ষই কেনেদৰে নীৰৱ দৰ্শক লৈ পৰিছে, ইয়াকে উদঙাই দিছে।

কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা কাৰ্টুনেও চৰ্চা লাভ কৰিছিল। এই কাৰ্টুনটোত গছৰ এডাল ডালত ওলমি থকা দুটা শগুণ আৰু তলত কিছু মৃতদেহ দেখুওৱা হৈছে। সেই শগুণ দুটা মুখৰ সৈতে সাদৃশ্য আছিল দেশৰ দুই শাসকীয় নেতাৰ। কোভিডসৃষ্ট পৰিৱেশে সূচনা কৰা প্ৰতিক্ৰিয়াৰ এয়া আৰম্ভণিহে। ইয়াত কাৰোবাৰ ক্ৰেডিট ল'ব লগা প্ৰতিযোগিতাৰ প্ৰয়োজন নাই।

ইতিমধ্যে প্ৰশ্ন উঠিছে কোভিডৰ ভেকচিনৰ বাবে যদি মোডী বা আন মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত প্ৰমাণ পত্ৰ দিয়া হয়, তেনে কোভিডত মৃত্যু হোৱা লোকৰ প্ৰমাণ পত্ৰতো কিয় দিয়া নহয় এই ফটো। কোৰোনাই দেশৰ অৰ্থনৈতিক অৱস্থাকো ভাঙি পেলাইছে।সাধাৰণতে আমি দৰিদ্ৰ দেশ বুলি হহাঁ বাংলাদেশৰ এজন লোকৰ জনমূৰি আয় বছৰি ১লাখ ৬২হাজাৰ ৩৭০টকা। অথাত এবছৰত এজন বাংলাদেশী লোকৰ আয় এয়া।

ইয়াৰ বিপৰীতে এজন ভাৰতীয়ৰ জনমূৰি আয় ১লাখ ৮১হাজাৰ ৯৮৫টকা। বাংলাদেশৰ এজন নাগৰিকে এজন ভাৰতীয় নাগৰিকতকৈ বছৰি ২০,৩৮৫টকা বেছিকৈ উপাৰ্জন কৰে।এয়াই বাস্তৱ, এয়াই সত্য। তাৰ পাছত কোভিডক লৈ এনে টনাটনিৰ প্ৰয়োজন নাই। সাধাৰণ লোকসকলক লাগে সকাহ। জীৱন আৰু জীৱিকাৰ বাবে এই মূৰ্হুতত দেশৰ শাসকসকলে জনতাৰ বাবে উপযুক্ত নীতি গ্ৰহণ কৰাৰ প্ৰয়োজন। কাঁহি-বাতি বজাই বা ভাষণৰ ফুলজাঁৰিয়ে এই সময়ৰ সৈতে যুঁজা সম্ভৱ নহয়। আৱেগিক হৈ কেমেৰাৰ সন্মুখত চকুপানী মচি কোভিডক জয় কৰিব নোৱাৰি। কোভিডৰ পিছতো আৰু ভয়াৱহ পৰিস্থিতি…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in