ব্যৱসায়ৰ বাবেহে ঋণ লওক, ঋণ লৈ ঘূৰাই নিদিলে চৰকাৰে আৰু সহায় নকৰেঃ ৰঞ্জিত কুমাৰ দাস

ব্যৱসায়ৰ বাবেহে ঋণ লওক, ঋণ লৈ ঘূৰাই নিদিলে চৰকাৰে আৰু সহায় নকৰেঃ ৰঞ্জিত কুমাৰ দাস

ডিজিটেল সংবাদ ধুবুৰীঃ দেওবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত  নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধকাৰীক অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চেক বিতৰণৰ শুভাৰম্ভ কৰে। ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থকা কেইবা হেজাৰ মহিলাৰ সন্মুখত প্ৰদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত মহিলাৰ স্বাৰ্থত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰে৷

তেওঁ কয়, 'আপোনালোকে অপ্ৰয়োজনীয়ভাৱে আৰু ঋণ নল'ব৷ ঋণ লৈ ঘৰৰ মানুহক কিবা কিনি দিয়াৰ কথা পুনৰ নাভাবিব৷ পুনৰ ঋণ লৈ ঘূৰাই নিদিলে চৰকাৰে সহায় নকৰে৷ কিন্তু ঋণ লৈ ব্যৱসায় কৰাৰ কথা যদি ভাবিছে তেনেহ'লে লওক৷ ব্যৱসায়ৰ লাভৰ টকাৰে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰক৷'

তেওঁ পুনৰ কয় যে,- দুখীয়া ঘৰৰ সন্তান হোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৰিদ্ৰ মহিলাৰ দুখ আৰু সমস্যা উপলব্ধি কৰিছিল৷ সেয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তেখেতে দৰিদ্ৰ মহিলাসকলক সকাহ দি বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিবৰ বাবে উজ্বলা আঁচনি, দৰিদ্ৰ মহিলাৰ ঘৰত মাত্ৰ ১০০ টকাৰ বিনিময়ত বিদ্যুৎ সংযোগৰ বাবে সৌভাগ্য আঁচনি, কোনো ধন নোহোৱাকৈ বেংক একাউন্ট খোলাৰ বাবে প্ৰধানমন্ত্ৰী জন ধন যোজনা, মহিলাৰ আত্মসহায়ক গোটসমূহক ২৫ হেজাৰ বা ৫০ হেজাৰকৈ টকাৰ সহাৰ্য্য, বিনামূলীয়া চিকিৎসাৰ সুবিধাৰ বাবে আয়ুস্মান ভাৰতৰ দৰে আঁচনি গ্ৰহণ কৰিছিল৷

মন্ত্ৰী দাসে কয়, 'মহিলাৰ সমস্যা উপলব্ধি কৰি তেওঁলোকৰ কল্যাণৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিভিন্ন পদক্ষেপ লৈছে৷ তেখেতে অৰুণোদয় আঁচনিৰ জৰিয়তে ২৩ লাখ দুখীয়া মহিলাৰ একাউন্টত প্ৰতি মাহে প্ৰথমে ৮৩০ টকাকৈ, পৰৱৰ্তী সময়ত ১০০০ টকাকৈ আৰু এতিয়া ১২৫০ টকাকৈ দিয়াৰ পদক্ষেপ লৈছে৷' মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে ঋণগ্ৰস্থ মহিলাক সকাহ দি ঋণ ৰেহাই দিয়া হ'ব বুলি  প্ৰতিশ্ৰুতি দি হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে৷ লগতে নিয়মীয়াকৈ ঋণৰ কিস্তি আদায় দিয়া মহিলাকো তেওঁ পুৰস্কৃত কৰি উৎসাহ দিয়াৰ পদক্ষেপ ল'লে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে জনদৰদী পদক্ষেপৰ বাবে উপস্থিত মহিলাসকলক থিয় হৈ হাতচাপৰি বজাবলৈ মন্ত্ৰী দাসে আহ্বান জনোৱাত সকলো মহিলাই প্ৰায় ১ মিনিট সময় হাতচাপৰি বজাই মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ মন্ত্ৰী দাসে ১০ গৰাকী হিতাধিকাৰীক ২৫ হেজাৰকৈ টকাৰ চেক আনু্ষ্ঠানিকভাৱে প্ৰদান কৰে৷ নিয়মীয়া পৰিশোধকাৰী শিতানত ধুবুৰীৰ মুঠ ৩৫,০০৫ গৰাকী হিতাধিকাৰীক ৬৫.৯৩ কোটি টকাৰ চেক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷

এই অনুষ্ঠানত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰ, প্ৰাক্তন বিধায়কদ্বয় অশোক কুমাৰ সিংঘী আৰু অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী পৌৰসভাৰ পৌৰপতি দেৱময় সান্যাল প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু বক্তব্য প্ৰদান কৰে৷ ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণ দিয়া সভাখনৰ আঁত ধৰে জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in